• Home
  • »
  • News
  • »
  • assam
  • »
  • ‍BARPETA : লোকনিৰ্মাণ বিভাগৰ বৰপেটা সংমণ্ডলত চলিছে কি? নিৰ্মাণৰ এদিন পিছতে খহিছে পকীপথ

‍BARPETA : লোকনিৰ্মাণ বিভাগৰ বৰপেটা সংমণ্ডলত চলিছে কি? নিৰ্মাণৰ এদিন পিছতে খহিছে পকীপথ

পথ নিৰ্মাণৰ বিসংগতিক লৈ স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

পথ নিৰ্মাণৰ বিসংগতিক লৈ স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

পথ নিৰ্মাণৰ বিসংগতিক লৈ স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

  • Share this:

যিসময়ত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈয়েই ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কাম-কাজত স্বচ্ছতা অনাৰ প্ৰয়াস চলাইছে, তেনে সময়তে লোকনিৰ্মাণ বিভাগৰ বৰপেটা সংমণ্ডলত চলিছে একাংশ বিষয়া-ঠিকাদাৰৰ বুজাবুজিৰ খেল ৷


লোক নিৰ্মাণ বিভাগৰ অধীনত নিৰ্মাণ কৰাৰ এদিন পিছতে চপৰা চপৰে বৰপেটা চহৰৰ এটা নিৰ্মীয়মাণ পথৰ পিটচ্ খহাৰ পিছত এনে সন্দেহৰ অৱতাৰণা হৈছে ৰাইজৰ মাজত। পথ নিৰ্মাণৰ বিসংগতিক লৈ স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷


 বৰপেটা চহৰৰ নিৰ্মীয়মাণ ৰামপ্রসাদ পথত এডাল মাৰিৰে হেচি দিয়াৰ পিছতে বখলা বখলে এৰাই যায় পিটচ্। বৃহস্পতিবাৰে বিয়লি পথটো নিৰ্মাণ কৰিছিল ঠিকাদাৰে৷ পিচে নিম্ন মানেৰে কৰা কামৰ বাবেই নিৰ্মাণৰ পিছতে এইদৰে চপৰা চপৰে এৰি গৈছে পিটচ্সমূহ। স্থানীয় ৰাইজে এইক্ষেত্ৰত তদন্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনাইছে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি