உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যদি বিচাৰে মোৰ ডাঙৰ ল’ৰাটোকো দেশৰ বাবে আগবঢ়াই দিম!

    যদি বিচাৰে মোৰ ডাঙৰ ল’ৰাটোকো দেশৰ বাবে আগবঢ়াই দিম!

    গহপুৰৰ শ্বহীদ বীৰ জোৱান নীৰজ চেত্ৰীৰ পিতৃৰ কৰুণ আৰ্তনাদ

    গহপুৰৰ শ্বহীদ বীৰ জোৱান নীৰজ চেত্ৰীৰ পিতৃৰ কৰুণ আৰ্তনাদ

    গহপুৰৰ শ্বহীদ বীৰ জোৱান নীৰজ চেত্ৰীৰ পিতৃৰ কৰুণ আৰ্তনাদ

    • Share this:
      দেওবাৰে পুৱতি নিশা ঝাৰখণ্ডত উগ্ৰপন্থীৰ বিৰুদ্ধে এক অভিযান চলাইছিল এছএছবিয়ে। অভিযানকালত মাওবাদীৰ সৈতে হৈছিল ভয়াৱহ সংঘৰ্ষ ।অভিযান চলোৱা এছএছবিৰ দলটোত আছিল অসমৰ নীৰজ চেত্ৰী। দীৰ্ঘসময় ধৰি মাওবাদী নীৰজ চেত্ৰীয়ে। মৃত্যুৰ পিছত এতিয়া নীৰজৰ ঘৰ খনলৈ নামি আহিছে গভীৰ অমানিশা। ২০১৪ চনত এছএছবিত যোগদান কৰা নীৰজ চেত্ৰীয়ে চাকৰিত যোগদান কৰাৰ সময়ৰ পৰাই নিজ পৰিয়াটোক  পোহপাল দি আহিছিল।পৰিয়ালে এতিয়া সহজভাৱে লব পৰা নাই নীৰজ চেত্ৰীৰ মত্যু।

      কিন্তু নিজ পুত্ৰক হেৰুৱালেও নীৰজৰ পিতৃয়ে দেখুৱাইছে দেশ প্ৰেমৰ এক অনন্য নিদৰ্শন। দেশ মাতৃক সেৱা কৰিবলৈ নিজৰ সৰ্বোচ্ছ ত্যাগ কৰিবলৈ এতিয়াও প্ৰস্তুত নীৰজৰ পৰিয়াল।চৰকাৰে বিচাৰিলে নিজৰ ডাঙৰ ল’ৰাটোকো দেশৰ বাবে আগবঢ়াই দিবলৈ সাজু নীৰজৰ পিতৃ।



      শ্বহীদ জোৱান নীৰজ চেত্ৰীৰ পৰিয়াললৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ২০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে। এক বিবৃতিত মুখ্যমন্ত্ৰী সোণোৱালে এই কথা ঘোষণা কৰি কয় যে দেশমাতৃৰ সুৰক্ষা আৰু নিৰাপত্তাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ জোৱানগৰাকীৰ সাহসিকতাত সমগ্ৰ দেশবাসী গৌৰৱান্বিত।
      First published: