লখিমপুৰৰ বানৰ কাৰণে দায়ী নহয় নীপকো, বানক লৈ স্পষ্টীকৰণ দিলে NEEPCOই

News18 Assam | News18-Assam
Updated:June 6, 2021, 4:48 PM IST
লখিমপুৰৰ বানৰ কাৰণে দায়ী নহয় নীপকো, বানক লৈ স্পষ্টীকৰণ দিলে NEEPCOই
আনহাতে প্ৰতিষ্ঠানটোৱে নদীখনৰ পানী বৈ যোৱাৰ দিশ সলনি কৰি প্ৰবল বান প্ৰতিহত কৰাতহে অৱদান আগবঢ়াইছে বুলি দাবী কৰিছে ।

আনহাতে প্ৰতিষ্ঠানটোৱে নদীখনৰ পানী বৈ যোৱাৰ দিশ সলনি কৰি প্ৰবল বান প্ৰতিহত কৰাতহে অৱদান আগবঢ়াইছে বুলি দাবী কৰিছে ।

  • Share this:

'লখিমপুৰৰ দ্ৰুত বানৰ কাৰণে NEEPCO দায়ী নহয়। ৰঙানদী প্রকল্প নিৰ্মাণৰ পূৰ্বেও লখিমপুৰ বানৰ কবলত পৰিছিল। প্রকল্পটো নথকা হ'লেও প্ৰবল বৰষুণৰ ফলত সিমান পৰিমাণৰ পানী নামনিমুৱা সমতললৈ বৈ গ’লহেঁতেন।'  এই মন্তব্য নীপকোৰ। আজি এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি এনেধৰণে স্পষ্টীকৰণ দিয়ে প্ৰতিষ্ঠানটোৱে।


প্ৰতিষ্ঠানটোৱে উল্লেখ কৰে যে নদী জলবিদ্যুৎ প্ৰকল্প এক Run Over the River Plant আৰু ইয়াৰ পানী সঞ্চয় ক্ষমতা যথেষ্ট কম । গতিকে বৰষুণৰ ফলত জমা হোৱা পানী reservoir সমূহে এটা পৰ্যায়লৈহে গ্ৰহণ কৰিব পাৰে, সেয়ে অতিৰিক্ত পানী গেটেৰে উলিয়াই দিব লগা হয় ।


 আনহাতে প্ৰতিষ্ঠানটোৱে নদীখনৰ পানী বৈ যোৱাৰ দিশ সলনি কৰি প্ৰবল বান প্ৰতিহত কৰাতহে অৱদান আগবঢ়াইছে বুলি দাবী কৰিছে । ৰঙানদী বান্ধৰ পৰা পানী মুকলি কৰাৰ কাৰণে লখিমপুৰ দ্ৰুত বানৰ কবলত পৰে বুলি সদায় একাংশই ভুল ব্যাখ্যা দি আছে বুলিও উল্লেখ কৰা হয় প্ৰেছ বিজ্ঞপ্তিখনত। কাৰণ ৰঙানদীৰ বহু উপনৈ আছে, যিবোৰেৰে বৰষুণৰ পানী সমতললৈ বৈ আহে। ৫ জুন তাৰিখেও বৰষুণ কাৰণে ৰঙানদীৰ ওপৰৰ চোৱাত দ্ৰুত বান হোৱাত তেনে পৰিস্থিতিৰ উদ্ভৱ হয় আৰু সকলো SOP পালন কৰি জিলা প্ৰশাসনক অৱগত কৰি পানী এৰি দিয়া হৈছিল বুলি মন্তব্য কৰে NEEPCO–ৱে ।



উল্লেখ্য, নীপকোৱে নিশা  ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়াৰ পিছতে লখিমপুৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰে। প্ৰকল্পৰ পানী এৰি দিয়াৰ পিছতে হোৱা বানপানীক লৈ  নীপকোৰ  এইদৰে স্পষ্টীকৰণত বানৰ কাৰণ নীপকো নহয় বুলি উল্লেখ কৰে।

Published by: Gautam Barman
First published: June 6, 2021, 4:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি