কেতিয়া ন্যায় পাব নীল–অভিৰ পৰিয়ালে? লেহেমীয়া গতিত চলিছে বিচাৰ প্ৰক্ৰিয়া

News18 Assam | News18-Assam
Updated:January 27, 2020, 2:50 PM IST
কেতিয়া ন্যায় পাব নীল–অভিৰ পৰিয়ালে? লেহেমীয়া গতিত চলিছে বিচাৰ প্ৰক্ৰিয়া
News18 অসমৰ সন্মুখত নীল-অভিৰ পৰিয়ালৰ কাতৰ আহ্বান "আমি মৃত্যুৰ পূৰ্বে হত্যাকাৰীৰ শাস্তি চাব বিচাৰো। ন'হলে আমাৰ আত্মাই শান্তি নাপাব।"

News18 অসমৰ সন্মুখত নীল-অভিৰ পৰিয়ালৰ কাতৰ আহ্বান "আমি মৃত্যুৰ পূৰ্বে হত্যাকাৰীৰ শাস্তি চাব বিচাৰো। ন'হলে আমাৰ আত্মাই শান্তি নাপাব।"

  • Share this:
অতি লেহেমীয়া গতিত চলিছে ডকমকা কাণ্ডত প্ৰাণ হেৰুওৱা নীল-অভিৰ হত্যাৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। প্ৰতিপক্ষৰ অধিবক্তাৰ কূট-কৌশলত বৰ্তমান দীঘলীয়া হৈ পৰিছে বিচাৰ প্ৰক্ৰিয়া। সেয়ে যেন বৰ্তমান হতাশ হৈ পৰিছে নীল-অভিৰ দুৰ্ভগীয়া পিতৃ-মাতৃ। News18 অসমৰ সন্মুখত নীল-অভিৰ পৰিয়ালৰ কাতৰ আহ্বান "আমি মৃত্যুৰ পূৰ্বে হত্যাকাৰীৰ শাস্তি চাব বিচাৰো। ন'হলে আমাৰ আত্মাই শান্তি নাপাব।"

নীল-অভিৰ পিতৃৰ অভিযোগ আছামী পক্ষৰ অধিবক্তাই বাৰে বাৰে মিছা তথ্য-প্ৰমাণ দাখিল কৰি আচামীক নাবালক সজাই আইনী সুৰক্ষা প্ৰদানৰ চেষ্টা চলাইছে। যাৰ ফলত সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো মূল বিষয়ৰ পৰা আঁতৰি অধিক লেহেমীয়া হৈ পৰিছে।

চৰকাৰীপক্ষৰ অধিবক্তাই আচামীৰ নাবালকৰ প্ৰমাণপত্ৰ ভুৱা বুলি প্ৰমাণ কৰাৰ পিছতো পুনৰ আচামীক নাবালক সজাই অভিযুক্তক ৰক্ষা কৰাৰ চেষ্টা চলাইছে অভিযুক্তসকলৰ অধিবক্তাগৰাকীয়ে। সেয়ে এইক্ষেত্ৰত আদালতৰ পৰা সুবিচাৰ আশা কৰিছে নীল-অভিৰ পৰিয়ালে। উল্লেখযোগ্য যে অভিযুক্তসকলৰ হৈ নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত আইনী যুঁজত অৱতীৰ্ণ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মানস শৰণীয়া।
আৰু চাওক
পৰৱৰ্তী বাতৰি