‘উত্তৰ–পূব দেশৰ সম্পদ হোৱাতো বিচাৰিছে মোদী–অমিত শ্বাহে, সমাধান হ’ব উত্তৰ–পূবৰ সীমা সমস্যা’

হিমন্ত বিশ্ব শৰ্মাই কয় – ‘এয়া ইতিহাসৰ প্ৰথম, আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছী। আজিৰ দিনটো এক ঐতিহাসিক দিন, মোৰ ৰাজনৈতিক জীৱনৰ এয়া সোণোৱালী সময়।’

News18-Assam
Updated:September 9, 2019, 12:18 PM IST
‘উত্তৰ–পূব দেশৰ সম্পদ হোৱাতো বিচাৰিছে মোদী–অমিত শ্বাহে, সমাধান হ’ব উত্তৰ–পূবৰ সীমা সমস্যা’
হিমন্ত বিশ্ব শৰ্মাই কয় – ‘এয়া ইতিহাসৰ প্ৰথম, আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছী। আজিৰ দিনটো এক ঐতিহাসিক দিন, মোৰ ৰাজনৈতিক জীৱনৰ এয়া সোণোৱালী সময়।’
News18-Assam
Updated: September 9, 2019, 12:18 PM IST
গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে NEDAৰ চতুৰ্থ সমাৰোহ। সমাৰোহত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগতে উত্তৰ–পূবৰ ৮খন ৰাজ্যৰ বিজেপি নেতৃত্ব। বিজেপি আৰু মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰীসকল উপস্থিত থাকে এই সমাৰোহত। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুও উপস্থিত থাকে সমাৰোহত।

NEDAৰ সমাৰোহত আদৰণি ভাষণ প্ৰদান কৰি হিমন্ত বিশ্ব শৰ্মাই কয় – ‘এয়া ইতিহাসৰ প্ৰথম, আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছী। আজিৰ দিনটো এক ঐতিহাসিক দিন, মোৰ ৰাজনৈতিক জীৱনৰ এয়া সোণোৱালী সময়। আহি থকা সময়তো সকলো একত্ৰিত হৈ থকাৰ পণ লৈছো। উত্তৰ–পূবৰ আঠ ৰাজ্যৰ মাজত সদ্ভাৱনাৰ বাবে NEDA এক প্লেটফৰ্ম।’

হিমন্ত বিশ্ব শৰ্মাই কয় যে উত্তৰ–পূবৰ ২৫ গৰাকী সাংসদৰ ১৯ গৰাকীয়ে NEDAৰ। উত্তৰ–পূব দেশৰ সম্পদ হোৱাতো বিচাৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহে। আলোচনাৰ মাজেৰে উত্তৰ–পূবৰ সীমা সমস্যা সমাধান কৰিব লাগিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰতিখন ৰাজ্যৰ সকলো অধিকাৰ সুৰক্ষিত কৰিব লাগিব বুলিও কয় হিমন্ত বিশ্ব শৰ্মাই।

এই সমাৰোহত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ তামাং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, জিতেন্দ্ৰ সিং, অসমৰ মন্ত্ৰী অতুল বৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে বহু বিজেপি নেতা।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি