বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / ভাৰত চৰকাৰৰ বিশেষ বাৰ্তা লৈ NSCN(IM)ৰ মুৰব্বী মুইভাক সাক্ষাৎ NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ

ভাৰত চৰকাৰৰ বিশেষ বাৰ্তা লৈ NSCN(IM)ৰ মুৰব্বী মুইভাক সাক্ষাৎ NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ

ভাৰত চৰকাৰৰ বিশেষ বাৰ্তা লৈ NSCN(IM)ৰ মুৰব্বী মুইভাক সাক্ষাৎ NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাৰ

NSCN(IM)ৰ শীৰ্ষ সূত্ৰই News18ক সদৰী কৰা মতে, এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত দুয়োপক্ষৰ মাজত প্ৰায় ৪৫ মিনিটৰ আলোচনা হয় ৷

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

কেন্দ্ৰীয় চৰকাৰৰ বিশেষ বাৰ্তা লৈ NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’ৱে NSCN(IM)ৰ মুৰব্বী থুইংগালেং মুইভাক মঙলবাৰে সাক্ষাৎ কৰে৷ সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি NSCN(IM)ৰ নেতৃত্বক দিবলগীয়া বাৰ্তাৰ বুজ লৈছিল NEDAৰ আহ্বায়ক ড° শৰ্মাই ৷ তাৰ পিছতে মঙলবাৰে দুপৰীয়া ডিমাপুৰৰ ছুমুকেডিমাত থকা নাগালেণ্ড আৰক্ষী কমপ্লেক্সত উপস্থিত হৈ ড° শৰ্মাই NSCN(IM)ৰ মুৰব্বী থুইংগালেং মুইভাক সাক্ষৎ কৰে ৷

বিজ্ঞাপন

NSCN(IM)ৰ শীৰ্ষ সূত্ৰই News18ক সদৰী কৰা মতে, এক সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত দুয়োপক্ষৰ মাজত প্ৰায় ৪৫ মিনিটৰ আলোচনা হয় ৷ NSCN(IM)ৰ শীৰ্ষ নেতাই কয়- “ভাৰত চৰকাৰৰ বিশেষ বাৰ্তা তথা আলোচনাক বিশেষ গতি দিয়াৰ বাবে বাৰ্তা লৈ NEDAৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই আমাৰ নেতৃত্বক সাক্ষাৎ কৰে ৷”

ইপিনে NSCN(IM)ৰ নেতৃত্বক সাক্ষাতৰ পিছত NEDAৰ আহ্বায়ক ড° শৰ্মাই টুইট কৰি নগা শান্তি আলোচনাৰ গতিশীলতা সন্দৰ্ভত নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ সৈতে নগা বিদ্ৰোহী সংগঠনটোৰ নেতাক সাক্ষাৎ কৰাৰ কথা সদৰী কৰে ৷

উল্লেখযোগ্য যে সুদীর্ঘ ২১ মাহৰ অন্তত সোমবাৰৰ পৰা ভাৰত চৰকাৰৰ প্ৰতিনিধিৰ সৈতে NSCN(IM)ৰ আনুষ্ঠানিক আলোচনা আৰম্ভ হৈছে ৷ ভাৰত চৰকাৰৰ হৈ আলোচনাত মিলিত হৈছে মধ্যস্থতাকাৰী অক্ষয় কুমাৰ মিশ্ৰই।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন