জলপৰিবহণৰ ক্ষেত্ৰত এখোজ আগবাঢ়িল অসম ৷ অসমত মেৰামেতি হ'ব জাহাজ। পূৰ্বৰ দৰে চাৰি মাহ সময় ব্যয় নহয় জাহাজ মেৰামেতিত ৷ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমবাৰ অসম উপস্থিত হৈ এই ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
পাণ্ডুত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে ভাৰতীয় আভ্যন্তৰীণ জলমাৰ্গ প্ৰাধিকৰণৰ এক অনুষ্ঠানত অংশলৈ এক চুক্তি স্বাক্ষৰিত কৰে হুগলী কোচিন চিপায়াৰ্ড লিমিটেডৰ সৈতে ৷ অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও ৷
সভাত ভাষণ প্ৰসংগত সৰ্বানন্দ সোণোৱালে কয় যে, 'অসম তথা উত্তৰ পূৱৰ ক্ষীপ্ৰ উন্নয়নৰ বাবে মোদী চৰকাৰে বিশেষ পদক্ষেপ লৈছে ৷ উত্তৰ-পূৱক ভালপাই বাবে ৫ গৰাকী উত্তৰ পূৱৰ সাংসদক স্থান দিছে কেন্দ্ৰীয় মন্ত্ৰীসভাত ৷ ইংৰাজৰ দিনত আৰম্ভ হোৱা জলপৰিবহণ কংগ্ৰেছৰ শাসন কালত বন্ধ হৈ পৰিছিল ৷ নদীৰ বকুত বহুত সম্ভাৱনা আছে, পৰ্যটন গঢ়াৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব পৰাৰ ব্যৱস্থা আছে। '
Published by: Himangshu Bhuyan
FIRST PUBLISHED : August 26, 2021, 21:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।