দুদিনীয়া উত্তৰ অসম ভ্ৰমণসূচী সামৰি ৰাজধানী দিছপুৰলৈ উভতি অহা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে আবেলি বহু কেইখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ ইয়াৰ মাজতে জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এন ডি আৰ এফৰ সঞ্চালকপ্ৰধান অতুল কাৰৱালৰ সৈতে এক বৈঠকত মিলিত হয় ৷
এই বৈঠকত এন ডি আৰ এফৰ সঞ্চালক প্ৰধানজনে বানৰ সময়ত উদ্ধাৰ আৰু সাহায্যৰ বাবে গ্ৰহণ কৰা কাৰ্য পৰিকল্পনাৰ বিষয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাক অৱগত কৰে ।
মুখ্যমন্ত্ৰীয়ে জনসাধাৰণৰ বাবে অনবদ্য সেৱা আগবঢ়োৱা এন ডি আৰ এফ বাহিনীৰ নিষ্ঠাৰ শলাগ লয় । লগতে এইক্ষেত্ৰত এন ডি আৰ এফক ৰাজ্য চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সহায়-সহযোগিতা প্ৰদানৰ আশ্বাস প্ৰদান কৰে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|