বড়োভূমিত NDFB–এ গঠন কৰিব নতুন ৰাজনৈতিক দল

News18 Assam | News18-Assam
Updated:February 10, 2020, 10:30 AM IST
বড়োভূমিত NDFB–এ গঠন কৰিব নতুন ৰাজনৈতিক দল
নতুন ৰাজনৈতিক দল গঠনক লৈ ১২ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে এখন সন্মিলন।

নতুন ৰাজনৈতিক দল গঠনক লৈ ১২ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে এখন সন্মিলন।

  • News18 Assam
  • Last Updated: February 10, 2020, 10:30 AM IST
  • Share this:
BTCত গঠন হ’ব আৰু এটা নতুন ৰাজনৈতিক দল। এইবাৰ NDFBয়ে গঠন কৰিব নতুন দল। দল গঠনৰ পূৰ্বে একত্ৰিত হ’ব NDFBৰ আটাইকেইটা গোট। এখন মঞ্চত একত্ৰিত হ’ব NDFB। বৰ্তমান চাৰিটা গোটত বিভক্ত হৈ আছে NDFB। নতুন ৰাজনৈতিক দল গঠনক লৈ ১২ ফেব্ৰুৱাৰীত আয়োজন কৰা হৈছে এখন সন্মিলন। বাক্সাৰ তামুলপুৰত অনুষ্ঠিত হ’ব এই সন্মিলনখন। এই সন্মিলনতে নতুন দল গঠনক লৈ হ’ব আলোচনা।

এই সন্দৰ্ভত বিপিএফৰ জ্যেষ্ঠ নেত্ৰী তথা মন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই কয় – ‘অভাৰগ্ৰাউণ্ডত অহাৰ পিছত একত্ৰিত হওক NDFB, সকলোৱে কামনা কৰিছে৷ ৰাজনৈতিক দল গঠন কৰক, তাত আমি বাধা নিদিও৷ BTCৰ সকলো জাতি-জনগোষ্ঠীৰ হৈ চিন্তা কৰক৷ হাগ্ৰামা মহিলাৰীয়ে অভাৰগ্ৰাউণ্ডত অনাত সহায় কৰিছিল৷ সেয়ে তেওঁৰ কথাও ভাৱক৷ এবছু ছাত্ৰ সংগঠন৷ ছাত্ৰৰ হৈ কাম কৰক৷ প্ৰমোদ বড়ো ৰাজনীতি লৈ আহিলে আমি স্বাগতম জনাম৷ কিন্তু ছাত্ৰ সংগঠনক লৈ ৰাজনীতি নকৰিব।’
আৰু চাওক
পৰৱৰ্তী বাতৰি