• Home
  • »
  • News
  • »
  • assam
  • »
  • ত্ৰিপাক্ষিক যুদ্ধবিৰতি চুক্তি কৰি গুৱাহাটীত NDFB-Sৰ নেতৃত্ব

ত্ৰিপাক্ষিক যুদ্ধবিৰতি চুক্তি কৰি গুৱাহাটীত NDFB-Sৰ নেতৃত্ব

বিদায়-বাথাক কেনেকৈ সুকলমে আনিব আলোচনাৰ মেজলৈ? বিশেষ বৈঠকত ধীৰেন বড়ো।

বিদায়-বাথাক কেনেকৈ সুকলমে আনিব আলোচনাৰ মেজলৈ? বিশেষ বৈঠকত ধীৰেন বড়ো।

বিদায়-বাথাক কেনেকৈ সুকলমে আনিব আলোচনাৰ মেজলৈ? বিশেষ বৈঠকত ধীৰেন বড়ো।

  • Share this:
নতুন দিল্লীত যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰি শনিবাৰে গুৱাহাটীত উপস্থিত হয়হি NDFB-Sৰ নেতৃত্ব ৷ ইণ্টেলিজেন্স ব্যুৰৰ এটা দলে নতুন দিল্লীৰ পৰা NDFB-Sৰ নেতৃত্বক স্পাইছ জেটৰ SG 8152 নং বিমানেৰে গুৱাহাটীলৈ আনে ৷

ইণ্টেলিজেন্স ব্যুৰৰ দলটোৱে বিশেষ নিৰাপত্তাৰে সংগঠনটোৰ অধ্যক্ষ বি ছাড়াইগৗৰা, সাধাৰণ সম্পাদক বি আৰ ফেৰেংগা আৰু বিত্ত সচিব বি দৈমালুক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা পোনেপোনে নিয়ে অসম আৰক্ষীৰ চতুৰ্থ আৰক্ষী বেটেলিয়নলৈ ৷ চতুৰ্থ আৰক্ষী বেটেলিয়নত থকা সুহাসিনী অতিথিশালাত তিনিওজন নেতাক আশ্ৰয় দিয়া হয় ৷ উল্লেখযোগ্য যে ১১ জানুৱাৰীত ম্যানমাৰ এৰি ভাৰতত প্ৰৱেশ কৰিছিল NDFB-Sৰ ৫০জনীয়া দলটো ৷ ম্যানমাৰৰ টামু-মণিপুৰ আন্তৰাষ্টীয় সীমান্তৰে ভাৰতত প্ৰৱেশ কৰা দলটোক নেতৃত্ব দিছিল অধ্যক্ষ ছাড়াইগৗড়াই ৷ দ্বিতীয়টো দলে প্ৰৱেশ কৰিছিল ম্যানমাৰৰ নাগালেণ্ডৰ লংৱা আন্তৰাষ্ট্ৰীয় সীমান্তৰে ৷ দ্বিতীয়টো দলক নেতৃত্ব দিছিল সাধাৰণ সম্পাদক বি আৰ ফেৰেংগাই ৷
ভাৰতত প্ৰৱেশ কৰাৰ এদিন পিছতেই ইণ্টেলিজেন্স এজেন্সিয়ে দিল্লীলৈ নিছিল ১২ জানুৱাৰীত তিনি শীৰ্ষ নেতাক ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ সৈতে আলোচনাত মিলিত হোৱাৰ পিছত ১৬ জানুৱাৰীত যুদ্ধবিৰত চুক্তিত কৰিছিল স্বাক্ষৰ NDFB-Sয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ হৈ উত্তৰ-পূৰ্বৰ দায়িত্বত থকা যুটীয়া গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ, ৰাজ্য চৰকাৰৰ হৈ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব আশুতোষ অগ্নিহোত্ৰী আৰু NDFB-Sৰ হৈ অধ্যক্ষ বি ছাড়াইগৗড়াই এই যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰে ৷
ত্ৰিপাক্ষিক যুদ্ধবিৰতি চুক্তিত স্বাক্ষৰ কৰাৰ দুদিন পিছত নতুন দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হোৱা NDFB-Sৰ নেতৃত্বই ধীৰেন বড়ো নেতৃত্বাধীন NDFBৰ সৈতে এক বৈঠকত সুহাসিনী অতিথিশালাত আলোচনাত মিলিত হয় ৷ মুখ্যতঃ ভূটান সীমান্তত আশ্ৰয় লৈ থকা NDFB-Sৰ উপাধ্যক্ষ জি বিদায় আৰু জেষ্ঠ নেতা বি বাথাক আলোচনাৰ মেজলৈ সুকলমে কেনেকৈ আনিব পাৰি সেই লৈ আলোচনা চলে ৷
Published by:Tulika Devi
First published:

শেহতীয়া বাতৰি