
প্ৰাক্তন এন ডি এফ বিৰ সদস্যসকলে কেইবাদফীয়া দাবীৰে এখন স্মাৰক পত্ৰ শোণিতপুৰ জিলাৰ উপায়ুক্তক প্ৰদান কৰে।
প্ৰাক্তন এন ডি এফ বিৰ সদস্যসকলে কেইবাদফীয়া দাবীৰে এখন স্মাৰক পত্ৰ শোণিতপুৰ জিলাৰ উপায়ুক্তক প্ৰদান কৰে।
শোণিতপুৰৰ চাৰিদুৱাৰৰ চেঙেলীমাৰীত প্ৰাক্তন এন ডি এফ বিৰ প্ৰতিবাদ। বড়ো শান্তি চুক্তি অনুসৰি মূল সুঁতিলৈ উভতি অহা এন ডি এফ বিৰ সদস্যসকলক চৰকাৰে বিভিন্ন প্ৰতিশ্ৰুতি দিয়াৰ লগতে সংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছিল যদিও আজি পৰ্যন্ত কোনো এজন এন ডি এফ বিৰ সদস্যক সংস্থাপন নিদিয়াৰ অভিযোগ তুলি শোণিতপুৰৰ চেঙেলীমাৰীত এন ডি এফ বিৰ সদস্যসকলে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
যিসকল এন ডি এফ বিৰ সদস্য শ্বহীদ হ’ল সেইসকল শ্বহীদ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে এন ডি এফ বি ৰ সদস্যসকলৰ বিৰুদ্ধে বিভিন্ন থানাত যিসমূহ গোচৰ চলি আছে সেই গোচৰসমূহ উঠাই লোৱাৰ উপৰি এন ডি এফ বিৰ মুৰব্বী ৰঞ্জন দৈমাৰীক শীঘ্ৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়াৰ দাবী তুলি প্ৰাক্তন এন ডি এফ বিৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰেে ৷ প্ৰাক্তন এন ডি এফ বিৰ সদস্যসকলে কেইবাদফীয়া দাবীৰে এখন স্মাৰক পত্ৰ শোণিতপুৰ জিলাৰ উপায়ুক্তক প্ৰদান কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|