বড়ো শান্তি চুক্তিত স্বাক্ষৰৰ স্বাৰ্থত অগ্ৰিম জামিন ৰঞ্জন দৈমাৰীলৈ

News18 Assam | News18-Assam
Updated:January 24, 2020, 7:23 PM IST
বড়ো শান্তি চুক্তিত স্বাক্ষৰৰ স্বাৰ্থত অগ্ৰিম জামিন ৰঞ্জন দৈমাৰীলৈ
শনিবাৰে কাৰাগাৰৰ পৰা ওলাই পোনে পোনে দিল্লীলৈ উৰা মাৰিব NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দৈমাৰীয়ে

শনিবাৰে কাৰাগাৰৰ পৰা ওলাই পোনে পোনে দিল্লীলৈ উৰা মাৰিব NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দৈমাৰীয়ে

  • Share this:
শনিবাৰে পুৱা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা মুকলি হ’ব ৰঞ্জন দৈমাৰী ৷ শুকুৰবাৰে ৫০ হাজাৰ টকাত অগ্ৰিম জামিন প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ প্ৰস্তাৱিত বড়ো শান্তি চুক্তিত ৰঞ্জন দৈমাৰীয়ে অংশগ্ৰহণ কৰাৰ সুবিধা কৰি দিয়াৰ বাবে চৰকাৰী অধিবক্তাই কোনো আপত্তি নকৰিলে আদালতত ৷

উল্লেখযোগ্য যে NDFBৰ চাৰিওটা গোট ক্ৰমে- NDFB(P), NDFB(R), NDGB(Dhiren) আৰু NDFB(S)ৰ সকলো শীৰ্ষ নেতৃত্ব এতিয়া নতুন দিল্লীত ৷ মধ্যস্থতাকাৰী এবি মাথুৰৰ সৈতে শেষ লানি বৈঠকত মিলিত হৈছে বড়ো বিদ্ৰোহী গোটকেইটা ৷ NDFBৰ সুত্ৰই সদৰি কৰা মতে অহা ২৭ বা ২৮ জানুৱাৰীত চাৰিওটা গোটৰ সৈতে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে চুক্তিত স্বাক্ষৰ কৰিব ৷ এই চুক্তিত স্বাক্ষৰ কৰাৰ বাবেই এতিয়া শনিবাৰে অগ্ৰিম জামিনত কাৰাগাৰৰ পৰা মুকলি হৈ ওলাব ৰঞ্জন দৈমাৰী ৷

NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰী ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত দোষী সাব্যস্ত হৈছিল ৷ আন ১৩জন সৰ্তীথসহ দৈমাৰীক আদালতে যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি