আনুষ্ঠানিক অস্ত্ৰ সম্বৰন কাৰ্যসূচীত চাৰিওটা গোটে জমা দিব প্ৰায় ডেৰ শতাধিক অত্যাধুনিক মাৰণাস্ত্ৰ, বোমা–বাৰুদকে ধৰি বৃহৎ পৰিমাণৰ গুলী৷
আনুষ্ঠানিক অস্ত্ৰ সম্বৰন কাৰ্যসূচীত চাৰিওটা গোটে জমা দিব প্ৰায় ডেৰ শতাধিক অত্যাধুনিক মাৰণাস্ত্ৰ, বোমা–বাৰুদকে ধৰি বৃহৎ পৰিমাণৰ গুলী৷
তৃতীয় বড়ো শান্তি চুক্তিৰ পিছতে আজি আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰন কৰিব NDFBৰ চাৰিওটা গোটে৷ নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ সৈতে চুক্তি সম্পন্ন হোৱাৰ পিছতে ৩০ জানুৱাৰী ঠিৰাং কৰা হৈছিল NDFBৰ চাৰিওটা গোটৰ আনুষ্ঠানিক অস্ত্ৰ সম্বৰন কাৰ্যসূচীৰ দিন৷ বিশেষ শাখাই আনুষ্ঠানিক অস্ত্ৰ সম্বৰন কাৰ্যসূচীৰ বাবে সাজু কৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পেক্ষাগৃহ৷
NDFBৰ চাৰিওটা গোটৰ আত্মসমৰ্পণ কাৰ্যসূচীক লৈ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়, "NDFBৰ চাৰিওটা গোটে অস্ত্ৰ সম্বৰন কৰি মূলসুঁতিলৈ ঘূৰি অহাত বহুদিনীয়া বড়োলেণ্ডৰ অশান্ত পৰিৱেশৰ অন্ত পৰিব৷ ৰাজ্য চৰকাৰ আৰু অসম আৰক্ষীৰ চেষ্টাত কেইবা দশকজোৰা বড়োলেণ্ডৰ উগ্ৰপন্থী সমস্যাৰ অন্ত পৰিব৷ যাৰ বাবে ৩০ জানুৱাৰী জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকীৰ দিনা আয়োজন কৰা হৈছে অস্ত্ৰ সম্বৰন কাৰ্যসূচীৰ।’
বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওচৰত আনুষ্ঠানিকভাৱে অস্ত্ৰ সম্বৰন কৰিব NDFBৰ চাৰিটা গোটে৷ ইতিমধ্যে অসম আৰক্ষীৰ বিশেষ শাখাই সাজু কৰিছে GMCHৰ পেক্ষাগৃহ৷ NDFBৰ ৰঞ্জন দৈমাৰী গোট, গোবিন্দ বসুমতাৰী গোট, বি চাৰাইগৌড়া গোট আৰু ধীৰেন বড়ো গোটৰ প্ৰায় ১০০০ নেতা–কেডাৰে আনুষ্ঠানিকভাৱে অস্ত্ৰ এৰি যোগ দিব মূলসুঁতিত৷
আনুষ্ঠানিক অস্ত্ৰ সম্বৰন কাৰ্যসূচীত চাৰিওটা গোটে জমা দিব প্ৰায় ডেৰ শতাধিক অত্যাধুনিক মাৰণাস্ত্ৰ, বোমা–বাৰুদকে ধৰি বৃহৎ পৰিমাণৰ গুলী৷ আজি পুৱা ১০.৪৫ বজাত আৰম্ভ হ’ব অস্ত্ৰ সম্বৰণ কাৰ্যসূচী ৷ মন কৰিবলগীয়া যে চলিত মাহৰ প্ৰথম ভাগত ৮টা উগ্ৰপন্থী সংগঠনৰ সদস্যৰ ৬৪৪জন নেতা–কেডাৰে অস্ত্ৰ সম্বৰন কৰি মূলসুঁতিলৈ ঘুৰি আহিছিল৷ NDFBৰ আটাইকেইটা গোটে মূলসুঁতিলৈ ঘূৰি অহা কাৰ্যই বড়োভূমিৰ দীৰ্ঘদিনীয়া অশান্ত পৰিৱেশৰ ওৰ পেলাব বুলি আশা কৰা হৈছে৷Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|