নতুন ৰাজনৈতিক দল নহয়, UPPLৰ বেনাৰতেই NDFB-ABSUয়ে খেলিব নিৰ্বাচন

News18 Assam | News18-Assam
Updated:February 20, 2020, 12:48 PM IST
নতুন ৰাজনৈতিক দল নহয়, UPPLৰ বেনাৰতেই NDFB-ABSUয়ে খেলিব নিৰ্বাচন
ৰাইজৰ স্বাৰ্থত একত্ৰিত হ'ল NDFBৰ চাৰিওটা গোট।

ৰাইজৰ স্বাৰ্থত একত্ৰিত হ'ল NDFBৰ চাৰিওটা গোট।

  • News18 Assam
  • Last Updated: February 20, 2020, 12:48 PM IST
  • Share this:
সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই নতুন ৰাজনৈতিক দল গঠনৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিলে NDFBয়ে ৷ এতিয়াই নতুন ৰাজনৈতিক দল গঠন নকৰে NDFBয়ে ৷ কিন্তু ২০১৬ত গঠন কৰা ইউজি ব্ৰক্ষ্ম নেতৃত্বাধীন UPPLৰ বেনাৰত আসন্ন BTCৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব ABSU আৰু NDFBৰ একাংশ নেতাই ৷

News18ৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত NDFB-Pৰ অধ্যক্ষ গোবিন্দ বসুমতাৰীয়ে ক'লে, “ BTCৰ নিৰ্বাচনলৈ বেছি দিন নাই ৷ মাজত মাত্ৰ এটা মাহ সময় আছে ৷ এই এমাহত নতুন ৰাজনৈতিক দল খুলি ৰাইজৰ মাজলৈ যোৱাৰ সময় নাই ৷ সম্ভৱ নহ'ব ৷ সেয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা আগবঢ়াব বিচৰা NDFBৰ সদস্য আৰু ABSUৰ জেষ্ঠ নেতা সকলে UPPLৰ হৈয়ে নিৰ্বাচন খেলিব ৷”
“আমাৰ সকলো সদস্যই নিৰ্বাচন খেলাৰ সামৰ্থ্য নাই ৷ নিৰ্বাচন খেলিবলৈ যোগ্যতা আৰু ৰাজনৈতিক দক্ষতাৰ প্ৰয়োজন আছে ৷ সেই হিচাপত যোগ্যতা আৰু দক্ষতা থকা সদস্যই নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াব,” News18ক এনেদৰে ক'লে বসুমতাৰীয়ে ৷

ইপিনে মংগলবাৰে চিৰাঙত আয়োজিত এক সভাত একত্ৰিত হয় NDFBৰ আটাইকেইটা গোট ৷ ৰঞ্জন দৈমাৰী, গোবিন্দ বসুমতাৰী, ধীৰেন বড়ো আৰু বি ছাউৰাইগৗৰা গোটৰ জেষ্ঠ নেতাসকলৰ উপস্থিতিত আয়োজিত একতা সভাত ৰাইজৰ স্বাৰ্থত একেলগে কাম কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে সভাত ৷
এই একতা সভাৰ সন্দৰ্ভত গোবিন্দ বসুমতাৰীয়ে কয়, “BTR চুক্তিৰ দফাই দফাই কাৰ্যকৰী কৰাৰ বাবে চৰকাৰক হেঁচা দিব লাগিব ৷ সেয়ে স্বাক্ষৰকাৰী আমি চাৰিওটা গোট একত্ৰিত হোৱাৰ প্ৰয়োজন ৷ মংগলবাৰৰ সভাত সেয়ে ৰাইজৰ স্বাৰ্থত আমি একেলগে কাম কৰাৰ সিদ্ধান্তত উপনীত হ'লো ৷”
একদৰে NDFBৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীয়েও ৰাইজৰ বাবেই আটাইকেইটা গোট একত্ৰিত হৈ কাম কৰিব বুলি সদৰি কৰে News18ক ৷
আৰু চাওক
পৰৱৰ্তী বাতৰি