• Home
  • »
  • News
  • »
  • assam
  • »
  • Draupadi Murmu : NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ অসমৰ সৈতে আছে বিশেষ সংযোগ।

Draupadi Murmu : NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ অসমৰ সৈতে আছে বিশেষ সংযোগ।

Draupadi Murmu : অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাইছিল দ্ৰোপদী মুৰ্মুৱে ৷ ৰুক্মিণী কিষানৰ লগত একেলগে থাকি কটাইছিল সাত দিন ৷

Draupadi Murmu : অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাইছিল দ্ৰোপদী মুৰ্মুৱে ৷ ৰুক্মিণী কিষানৰ লগত একেলগে থাকি কটাইছিল সাত দিন ৷

Draupadi Murmu : অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰ চলাইছিল দ্ৰোপদী মুৰ্মুৱে ৷ ৰুক্মিণী কিষানৰ লগত একেলগে থাকি কটাইছিল সাত দিন ৷

  • Share this:


NDAৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু (Draupadi Murmu)ৰ অসমৰ সৈতে আছে সংযোগ। ২০০৬ চনত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ বিশ্বনাথলৈ আহিছিল মুৰ্মু ৷ বিশ্বনাথত থাকি নিৰ্বাচনী প্ৰচাৰ চলোৱা মুৰ্মু সেই সময়ত আহিছিল বহু স্থানীয় লোকৰ সংস্পৰ্শলৈ ৷ তেতিয়াৰ ছাত্ৰ নেতা পল্লৱ লোচন দাসৰ ঘৰতো আহাৰ গ্ৰহণ কৰিছিল মুৰ্মুৱে ৷

সেই সময়ত সাত দিন ধৰি দ্ৰৌপদী মুৰ্মুৰ সৈতে একেলগে থাকি নিৰ্বাচনী প্ৰচাৰ চলাইছিল ৰুক্মীনি কিষাণ বৰকটকী নামৰ এগৰাকী মহিলাই ৷ হোটেলৰ একেটা কোঠাতে থাকি একলগে আহাৰ গ্ৰহণ কৰিছিল দুয়োগৰাকীয়ে ৷ বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ গাঁও সমূহত চলাইছিল প্ৰচাৰ ৷ সেই সময়ত তেও ওড়িশা (Odisha)ৰ ৰাইৰংপুৰ জিলাৰ ময়ুৰগঞ্জ সমষ্টিৰ বিধায়িকা আছিল ৷ বিধায়ক যদিও সাধাৰন লোকৰ দৰেই জীৱন যাপন কৰিছিল মুৰ্মুৱে ৷ সকলোৰে লগত মিলি গৈছিল মুৰ্মু ৷

দ্ৰৌপদী মুৰ্মু  ৰাষ্টপতি পদৰ প্ৰাৰ্থী হিচাবে মনোনীত হোৱাত এতিয়া যথেষ্ট সুখী ৰুক্মীনি ৷ বিশ্বনাথৰ পৰা যোৱাৰ পিছত ফোনযোগে যোগাযোগ চলি আছিল ৰুক্মিণীৰ লগত ৷ ৰাষ্ট্ৰপতি হোৱাৰ পিছত দ্ৰোপদী মুৰ্মুক লগ কৰিবলৈ যাম বুলি লগতে মন্তব্য কৰে ৰুক্মীণী কিষাণে ৷

Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি