আন্তঃগাঁথনিৰ অভাৱৰ বাবে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদে ৰাজ্যৰ ১৫ খন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পঞ্জীয়ন বাতিল কৰিছে। ৰাজ্যৰ শিক্ষা বিভাগৰ অৱহেলা আৰু শিক্ষক নিযুক্তিত হোৱা চুড়ান্ত খেলিমেলিৰ দোহাই দি এন চি টি ইয়ে লয় এই সিদ্ধান্ত। পঞ্জীয়ন বাতিল হোৱা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়সমূহৰ ভিতৰত কামৰূপ, যোৰহাট, ডিব্ৰুগড়, ওদালগুৰি আদি জিলাৰ কেইবখানো মহাবিদ্যালয়ৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি জানিব পৰা গৈছে।
তথ্য অনুসৰি পঞ্জীয়ণ বাতিল হোৱা ১৫ খন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ভিতৰত কামৰূপ জিলাৰ ছয়গাঁৱৰ কে আৰ ডি কলেজ অব এডুকেশ্যন, ডিব্ৰুগড় জিলাৰ নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, যোৰহাটৰ কমলা বেজবৰুৱা স্মৃতি প্ৰশিক্ষণ মহাবিদ্যালয়, ধেমাজিৰ পোষ্ট গ্ৰেজুৱেট প্ৰশিক্ষণ মহাবিদ্যালয়, ছিপাঝাৰ বি এড মহাবিদ্যালয় আদিৰ নাম অন্তৰ্ভূক্ত হৈছে।
সেইদৰে বি.এড কলেজ কেইখনত নূন্যতম অৰ্হতা নথকাকৈয়ে বহু শিক্ষকে শিক্ষকতা কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছে। শিক্ষকতা কৰি থকা বহু শিক্ষকে,এম এড অথবা নেশ্যনেল এলিজিবিলিটি টেষ্টত উত্তীৰ্ণ নোহোৱাকৈ কৰি আছে শিক্ষকতা। এনেদৰে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদে ১৫ খনকৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পঞ্জীয়ন বাতিল কৰাৰ পাছত এতিয়া বিপাঙত পৰিছে শিক্ষক, শিক্ষাৰ্থী আৰু কৰ্মচাৰীসকল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|