আজিৰ পৰা কেইবামাহ পূৰ্বে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা পদত্যাগ কৰি গেৰুৱা দল বিজেপিত যোগ দিবলৈ সাজু হৈছিল এই নেতাগৰাকী। কিন্তু হঠাতে বিজেপি দলত যোগদানৰ প্ৰস্তুতি স্থগিত হয়। তেওঁ বিজেপিলৈ যোৱাৰ খবৰে পাহাৰীয়া জিলাৰ পৰিষদীয় ৰাজনীতিত ব্যাপক খলকনিৰ সৃষ্টি কৰিছিল। এয়া বৰ্তমানৰ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ একমাত্ৰ বিৰোধী আৰু নিৰ্দলীয় সদস্য ডেনিয়েল লাংথাছা।
হাফলং পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য ডেনিয়েল লাংথাছা এইবাৰ পুনৰ চৰ্চাত। কাৰণ সোমবাৰে তেওঁ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দিল্লী চৰকাৰৰ উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰে। সদস্যগৰাকীক দিল্লীত সংগ দিয়ে আম আদমী পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই।
লাংথাছাই দিল্লীতে আম আদমী পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক সাক্ষাৎ কৰে। পাহাৰৰ ৰাজনৈতিক সূত্ৰৰ পৰা জানিব পৰা মতে, চূড়ান্ত ৰাজনৈতিক আলোচনা নিষ্পত্তি কৰাৰ উদ্দেশ্যে ডেনিয়েলে দিল্লীত আপ নেতৃত্বৰ সৈতে মিলিত হয়। হয়তো এইবাৰ আনুষ্ঠানিকভাৱে দলত যোগদান কৰিব। মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বে তেওঁ আম আদমী পাৰ্টীৰ অসম নেতৃত্বক সাক্ষাৎ কৰিছিল বুলি সূত্ৰই দাবী কৰিছে।
গতিকে অৱশেষত ডেনিয়েলে আম আদমী পাৰ্টিত যোগদান কৰাৰ বাবে সাজু হৈছে বুলি সম্ভাৱনা প্ৰকাশ কৰিছে পাহাৰীয়া ৰাইজে। উল্লেখনীয় যে ডেনিয়েলে ইয়াৰ আগতে ডিফুৰ অল পাৰ্টী হিলছ লিডাৰ্ছ কনফাৰেন্সৰ নেতা অৱসৰপ্ৰাপ্ত আইএএছ জন ইংতি কাথাৰক লগ কৰিছিল। অৱশ্যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ এটা বছৰ থাকোঁতে আপ নেতৃত্বত লগ কৰা বিষয়টো অতিকৈ তাৎপৰ্যপূৰ্ণ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।