• Home
  • »
  • News
  • »
  • assam
  • »
  • #Northeastmatters : উত্তৰপূৱত টুইটাৰ ধুমুহাৰ পাছত মুখ খুলিলে NCERTয়ে। ২০১৬ চনতে অন্তৰ্ভূক্ত হৈছিল উত্তৰ-পূব সম্বন্ধীয় পৰিপূৰক পাঠ্য।

#Northeastmatters : উত্তৰপূৱত টুইটাৰ ধুমুহাৰ পাছত মুখ খুলিলে NCERTয়ে। ২০১৬ চনতে অন্তৰ্ভূক্ত হৈছিল উত্তৰ-পূব সম্বন্ধীয় পৰিপূৰক পাঠ্য।

NCERTৰ ষষ্ঠ, সপ্তম, দশম আৰু দ্বাদশ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে : NCERT

NCERTৰ ষষ্ঠ, সপ্তম, দশম আৰু দ্বাদশ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে : NCERT

NCERTৰ ষষ্ঠ, সপ্তম, দশম আৰু দ্বাদশ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যক্ৰমত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে : NCERT

  • Share this:
অৱশেষত উত্তৰ পূৱৰ লোকৰ ক্ষোভৰ প্ৰত্যুত্তৰ দিলে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (National Council for Education Research and Training চমুকৈ NCERT)য়ে । পাঠ্যপুথি প্ৰণয়ন প্ৰতিষ্ঠানটোৱে জনায় যে ২০১৬চনতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ জীৱন শৈলী, সংস্কৃতি আৰু বুৰঞ্জী বিষয়ে উল্লেখ থকা এখন পৰিপূৰক পাঠ্যপুথি মুকলি কৰা হৈছে । এই পৰিপূৰক পাঠ্যৰ (Supplementary Reader) উদ্দেশ্যই আছিল উত্তৰ পূৱৰ বাহিৰৰ ছাত্ৰ-ছাত্ৰী সকলক ৮খন ৰাজ্যৰ এক আভাষ প্ৰদান কৰা ।

NCERTৰ পাঠ্যপুথি সমূহত শিক্ষক আৰু শিক্ষাৰ্থীৰ কাৰণে উত্তৰ পূৱৰ বিষয়ে যথেষ্ট সমল আছে বুলিও দাবী কৰে প্ৰতিষ্ঠানটোৱে । NCERTয়ে কয় – ষষ্ঠ, সপ্তম, দশম আৰু দ্বাদশ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত উত্তৰ পূৱ ভাৰতৰ বিষয়ে বৰ্ণনা আগবঢ়োৱা হৈছে । NCERTয়ে লগতে কয় - ২০২০চনৰ নতুন শিক্ষা নীতিৰ আধাৰত নতুন ৰাষ্ট্ৰীয় পাঠ্যপুথিৰ আৰ্হি (National Curriculum Framework) প্ৰস্তুত কৰি থকা হৈছে । ইয়াত দেশৰ সকলো প্ৰান্তৰ জীৱন শৈলী, বুৰঞ্জী, সংস্কৃতি, ভূগোল আদি অন্তৰ্ভুক্ত কৰাত গুৰুত্ব প্ৰদান কৰা হ’ব ।

উল্লেখযোগ্য যে পঞ্জাৱৰ এজন ইউটিউবাৰ (YouTuber)এ অৰুণাচল প্ৰদেশৰ বিষয়ে বিকৃত ৰূপত উপস্থাপন কৰাৰ পিছত ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছিল উত্তৰ পূবৰ ছচিয়েল মিডিয়া (Social Media) ব্যৱহাৰকাৰী মাজত । টুইটাৰ ব্যৱহাৰকাৰীয়ে সংঘবদ্ধ ৰূপত উত্তৰ পূৱৰ বিষয়ে সবিস্তাৰে NCERTৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিবলৈ দাবী উত্থাপন কৰিছিল । এই 'টুইটাৰ ধুমুহা' (Twitter Storm)ত ৩০খনতকৈ অধিক বিশ্ববিদ্যালয় আৰু ছাত্র সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল । শুকুৰবাৰে দুটা হেছটেগ ক্ৰমে #AChapterforNE আৰু #Northeastmattersৰ যোগেদি কেন্দ্ৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা হৈছিল ।

সেই দিনটোত সন্ধিয়া ৬বজাৰ পৰা ৮বজালৈ এই দুই হেছটেগত প্ৰায় ৭০হাজাৰ টুইট কৰা হৈছিল । YouTuber পাৰশ সিঙে অৰুণাচল প্ৰদেশৰ বিধায়ক নিনং এৰিঙক ভাৰতীয় নহয় বুলি কৈছিল আৰু অৰুণাচল প্ৰদেশক চীনৰ অংশ বুলি অভিহিত কৰিছিল । কেৰালাৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰেও এখন উত্তৰ পূৱৰ সংস্কৃতিক প্ৰতীকি ৰূপত প্রদর্শন কৰা কাৰ্টুন চিত্ৰ আপলোড কৰি এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয় ।
Published by:Manjumoni Borah
First published: