মুখ্যপৃষ্ঠা »খবৰ »অসম »পুনৰ পৰ্যটকৰ আগমন ঘটিছে ডিমা হাছাওলৈ, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ডিমা হাছাওৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিলে CEM দেৱলাল গাৰ্লোছাই

পুনৰ পৰ্যটকৰ আগমন ঘটিছে ডিমা হাছাওলৈ, মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ডিমা হাছাওৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিলে CEM দেৱলাল গাৰ্লোছাই

সেই সময়তেই উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰীয়ে পাহাৰীয়া জিলাখনলৈ আগবঢ়াইছিল বিশেষ পেকেজ।

  • Share this:
পুনৰ পৰ্যটকৰ আগমন ঘটিছে অসমৰ মনোমোহা পাহাৰীয়া জিলা ডিমা হাচাওলৈ। মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ডিমা হাছাওৰ উন্নয়নৰ খতিয়ান দাঙি ধৰিলে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গাৰ্লোছাই।

উল্লেখযোগ্য যে বিগত বানৰ সময়ত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছিল ডিমা হাচাও জিলাৰ বিভিন্ন অঞ্চল। সম্পূৰ্ণৰূপে ধ্বংস হৈছিল হাফলং ৰেল ষ্টেচন, বিভিন্ন ঠাইত বানে উটুৱাই লৈ গৈছিল ৰে’ল লাইন, দলং। বিভিন্ন ঠাইত হৈছিল ভূমিস্খলন, গৃহহীন হৈছিল বহু পৰিয়াল।

সেই সময়তেই উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰ বিশেষকৈ মুখ্যমন্ত্ৰীয়ে পাহাৰীয়া জিলাখনলৈ আগবঢ়াইছিল বিশেষ পেকেজ। ৰাজ্য চৰকাৰৰ পেকেজ আৰু পৰিষদৰ উদ্যোগত পুনৰ প্ৰাণ পাই উঠা হাফলং ৰে’লৱে ষ্টেচন তথা জিলাখনলৰ বিভিন্ন স্থানৰ উন্নয়ন সম্পৰ্কে মঙলবাৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱালাল গাৰ্লোছাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি সবিশেষ জনায়।

শেহতীয়া বাতৰি