• Home
  • »
  • News
  • »
  • assam
  • »
  • আনৰ ঘৰত ঘৰ ৰং কৰি থাকোতেই কপাল ফুলিল নাজিৰাৰ যুৱকৰ, মহেন্দ্ৰ সিং ধোনীয়ে দিলে ডাঙৰ উপহাৰ

আনৰ ঘৰত ঘৰ ৰং কৰি থাকোতেই কপাল ফুলিল নাজিৰাৰ যুৱকৰ, মহেন্দ্ৰ সিং ধোনীয়ে দিলে ডাঙৰ উপহাৰ

কোম্পানীৰ অনুৰোধ ৰক্ষা কৰি জিতেন লোহাৰে ৰং কৰি থকা ঘৰ কেইটামানৰ ফটো পঠালে৷ আৰু ফটো প্ৰেৰণ কৰাৰ দুদিনমান পিছতেই এটা ভাল খবৰ আহিল৷

কোম্পানীৰ অনুৰোধ ৰক্ষা কৰি জিতেন লোহাৰে ৰং কৰি থকা ঘৰ কেইটামানৰ ফটো পঠালে৷ আৰু ফটো প্ৰেৰণ কৰাৰ দুদিনমান পিছতেই এটা ভাল খবৰ আহিল৷

কোম্পানীৰ অনুৰোধ ৰক্ষা কৰি জিতেন লোহাৰে ৰং কৰি থকা ঘৰ কেইটামানৰ ফটো পঠালে৷ আৰু ফটো প্ৰেৰণ কৰাৰ দুদিনমান পিছতেই এটা ভাল খবৰ আহিল৷

  • Share this:
কৰ্মই ধৰ্ম৷ আন্তৰিকতাৰে কাম কৰিলে সফলতা নিজে নিজেই আহে৷ তেনে এক কাহিনীয়ে এতিয়া বালিঘাট বাসীক আনন্দিত কৰিছে৷ নাজিৰা বালিঘাট তিনিআলিৰ যুৱক জীতেন লোহাৰে প্ৰায় পাঁচটা বছৰৰ পূৰ্বে পেছা হিচাপে বাচি লৈছিল ঘৰৰ ৰং কৰা কাম৷ প্ৰথমে আনৰ লগত সহায়ক পেইণ্টাৰ হিচাপে কাম কৰি থকা জীতেনে এদিন নিজৰ ভৰিত থিয় হ’বলৈ সক্ষম হ’ল৷

নিজ ইচ্ছা আৰু একাগ্ৰতাৰে বিভিন্ন লোকৰ ঘৰত ৰং সানি নিজৰ পৰিয়াল পোহপাল দিয়া জিতেনক কেইদিনমান পূৰ্বে ইণ্ডিগ’ নামৰ ৰঙৰ কোম্পানীটোৱে ইণ্ডিগ’ কোম্পানীৰ ৰং ব্যৱহাৰ কৰি ঘৰ ৰং কৰি থকা কেইখনমান ফটো পঠিয়াবলৈ অনুৰোধ কৰিলে। কোম্পানীৰ অনুৰোধ ৰক্ষা কৰি জিতেন লোহাৰে ৰং কৰি থকা ঘৰ কেইটামানৰ ফটো পঠালে৷ আৰু ফটো প্ৰেৰণ কৰাৰ দুদিনমান পিছতেই এটা ভাল খবৰ আহিল৷

জিতেনে ইণ্ডিগ’ কোম্পানীৰ পৰা লাভ কৰিলে টিভিএছ কোম্পানীৰ এখন মটৰ চাইকেল৷ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মুঠ ২০জন পেইণ্টাৰক নিৰ্বাচিত কৰি একোখনকৈ মটৰ চাইকেল উপহাৰ হিচাপে প্ৰদান কৰিছে৷ আজি মুম্বাইত ইণ্ডিগ’ কোম্পানীয়ে আয়োজন কৰা এক ৰাজকীয় অনুষ্ঠানত অসম তথা উত্তৰ–পূৰ্বাঞ্চলৰ একমাত্ৰ জিতেন লোহাৰক জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীয়ে প্ৰদান কৰিলে মটৰচাইকেলৰ চাবি ৷

এই উপহাৰ লাভ কৰি জিতেন লোহাৰে নিউজ ১৮ৰ আগত নিজৰ অনুভৱ প্ৰকাশ কৰি কয় যে এয়া মোৰ বাবে এক সপোন৷ আৰু এই উপহাৰৰ বাবে ইণ্ডিগ’ কোম্পানীয়ে যি ৰাজকীয় আতিথ্য দিলে তাৰ বাবে কোম্পানীটোক ধন্যবাদ জনালে৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি