১১.৪৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্পটোৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে৷
১১.৪৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্পটোৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে৷
ভাৰতবৰ্ষৰ সৰ্বাধিক গাহৰি মাংসৰ মুখ্য ৰপ্তানি তথা বিপণন কেন্দ্ৰত পৰিণত হ'ব নাজিৰা৷
ইতিমধ্যে ১১.৪৪ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা গাহৰি মাংস সংসাধন প্ৰকল্পটোৰ কাম ৮০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে৷
ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰ, ভূটান, ভিয়েটনাম, ফিলিপাইনছ, ছিংগাপুৰৰ আদি দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰলৈ ৰপ্তানি হ'ব গাহৰিৰ মাংস৷ জেএছবি প্ৰচেছ ফুড প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৰ লগত অসম চৰকাৰে প্ৰকল্পটো চলোৱাৰ বাবে দহ বছৰৰ বাবে চুক্তিবদ্ধ হৈছে৷
শিৱসাগৰ জিলাৰ নাজিৰাত নিৰ্মীয়মাণ অৱস্থাত থকা গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্পটো দেশৰ ভিতৰতে এক সৰ্ববৃহৎ প্ৰকল্প, য'ত সকলো সুবিধা সংলগ্ন হৈ থাকিব। ভাৰত চৰকাৰৰ এক্ট ইষ্ট নীতিৰ ওপৰত নিৰ্মাণ হোৱা এই প্ৰকল্পই উত্তৰ-পূব ভাৰতে গাহৰিৰ মাংস ৰপ্তানি কৰ্তা হিচাপে বিদেশৰ বজাৰ দখল কৰিব পৰিব। ইউৰোপৰ লগতে পশ্চিমীয়া দেশসমূহতো উচ্চস্তৰৰ বজাৰলৈ গাহৰিৰ মাংস ৰপ্তানি কৰা হ'ব নাজিৰাৰ পৰা।
শিৱসাগৰ জিলা নাজিৰাত গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণৰ প্ৰকল্পটো মুঠ ১১.৪৪ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পত দিনে ৪০০টা গাহৰি সংসাধন কৰিব পাৰি। উক্ত প্ৰকল্পৰ ফলত থলুৱা গাহৰি পালন কৰা লোকসকলক স্বাৱলম্বী হ'ব পাৰিব৷ এই প্ৰকল্পটোত পোনপটীয়াকৈ প্ৰায় ১০০ জন লোকৰ কৰ্মসংস্থান হোৱাৰ লগতে গাহৰি উৎপাদন কৰি প্ৰায় ১৫৭০০ পৰ্যন্ত পৰিয়াল উপকৃত হ'ব পাৰিব বুলি আশা ব্যক্ত কৰে নাজিৰাৰ পশু চিকিৎসক ডাঃ জগদীশ বৰ্মনে৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|