নাজিৰাত পুনৰ কোভিড–১৯ত আক্ৰান্ত এগৰাকী ছাত্ৰী, কণ্টেইনমেণ্ট জ’ন ঘোষণা 

News18 Assam | News18-Assam
Updated:February 24, 2021, 8:43 AM IST
নাজিৰাত পুনৰ কোভিড–১৯ত আক্ৰান্ত এগৰাকী ছাত্ৰী, কণ্টেইনমেণ্ট জ’ন ঘোষণা 
বৰ্তমান ছাত্ৰীগৰাকী নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছে। ছাত্ৰীগৰাকীৰ গৃহ অঞ্চলটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে নাজিৰা মহকুমা প্ৰশাসনে৷

বৰ্তমান ছাত্ৰীগৰাকী নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছে। ছাত্ৰীগৰাকীৰ গৃহ অঞ্চলটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে নাজিৰা মহকুমা প্ৰশাসনে৷

  • Share this:
ৰাজ্যত এতিয়াও অন্ত পৰা নাই কোভিড–১৯ৰ আতংক৷ স্বাস্থ্য বিভাগৰ সতৰ্কতামূলক ব্যৱস্থাৰ মাজতে পুনৰ নাজিৰাৰ এগৰাকী ছাত্ৰীৰ দেহত ধৰা পৰিছে কোৰণা পজিটিভ। ছাত্ৰীগৰাকীৰ দেহত তিনিদিনৰ পূৰ্বে ধৰা পৰিছিল কোৰণা পজিটিভ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰীগৰাকী৷ দুদিনমান পূৰ্বে ছাত্ৰীগৰাকী হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসালয়লৈ নিয়া হয় আৰু তাতে ছাত্ৰীগৰাকীৰ দেহত কোভিড–১৯ পজিটিভ ধৰা পৰে৷

পৰৱৰ্তী সময়ত স্বাস্থ্য বিভাগে ছাত্ৰীগৰাকীক চিকিৎসা কৰোৱাই নাজিৰা চেকনী গাঁৱৰ নিজা গৃহলৈ প্ৰেৰণ কৰে। বৰ্তমান ছাত্ৰীগৰাকী নিজ গৃহত কোৱাৰেণ্টাইন হৈ আছে। ছাত্ৰীগৰাকীৰ গৃহ অঞ্চলটো কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে নাজিৰা মহকুমা প্ৰশাসনে৷ উল্লেখযোগ্য যে স্বাস্থ্য বিভাগে ইতিমধ্যে চিকিৎসা বিভাগৰ লোক সকলক কোভিড–১৯ ভেকচিন প্ৰদান কৰিছে যদিও সাধাৰণ জনতাক বৰ্তমানেও ভেকচিন প্ৰদান কৰা হোৱা নাই৷
Published by: Sanjay Kumar Das
First published: February 24, 2021, 8:43 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি