যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা আহি স্বগৃহত উপস্থিত হ’লহি নাজিৰাৰ ছাত্ৰী ফাৰমিন নাচৰিন চুলতানা। নাজিৰা মেজেংগাৰ মেধাবী ছাত্ৰী নাচৰিনে ৫ বছৰ পূৰ্বে চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ উৰা মাৰিছিল। ইউক্ৰেইনৰ অজৱৰ্ড নেচনেল ইউনিভাৰ্ছিটীৰ দ্বাদশ ছেমিষ্টাৰৰ ছাত্ৰীগৰাকীয়ে ভাৰতীয় দূতাবাসৰ সহযোগত হাংগেৰী সীমান্তৰে ভাৰতলৈ ওভতে। ভাৰত চৰকাৰৰ বিশেষ বিমানেৰে নতুন দিল্লী আৰু তাৰ পৰা গুৱাহাটীহৈ বৃহস্পতিবাৰে পুৱতিনিশা ২ বজাত স্বগৃহত উপস্থিত হয় ছাত্ৰীগৰাকী।
বোমা–বাৰুদৰ বিকট শব্দৰ মাজত এটা সপ্তাহ অতিবাহিত কৰি এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজেৰে স্বগৃহত উপস্থিত হয়হি ছাত্ৰীগৰাকী৷ বিগত বহুকেইদিন ধৰি অতি কষ্টেৰে আহি নিজ গৃহত উপস্থিত হোৱা ছাত্ৰীগৰাকী ভাগৰুৱা হৈ পৰিছে৷