শিমলুগুৰি ৰেল জংচনত ক'ভিড পৰীক্ষাৰ বাবে নিয়োজিত এদল স্বাস্থ্য কৰ্মীক দুৰ্ব্যৱহাৰ কৰি শিমলুগুৰি আৰক্ষীৰ দ্বাৰা আটক হয় ৰে'ল বিভাগৰ কৰ্মচাৰী সোণাৰাম গগৈ।
শিমলুগুৰি ৰেল জংচনত ক'ভিড পৰীক্ষাৰ বাবে নিয়োজিত এদল স্বাস্থ্য কৰ্মীক দুৰ্ব্যৱহাৰ কৰি শিমলুগুৰি আৰক্ষীৰ দ্বাৰা আটক হয় ৰে'ল বিভাগৰ কৰ্মচাৰী সোণাৰাম গগৈ।
ৰাজ্যত পুনৰ সংঘটিত হৈছে স্বাস্থ্য কৰ্মীক দুৰ্ব্যৱহাৰৰ ঘটনা। এইবাৰ নাজিৰাত ৰে'ল বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা বেয়া ব্যৱহাৰৰ বলি হ'ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী।
শিমলুগুৰি ৰেল জংচনত ক'ভিড পৰীক্ষাৰ বাবে নিয়োজিত এদল স্বাস্থ্য কৰ্মীক দুৰ্ব্যৱহাৰ কৰি শিমলুগুৰি আৰক্ষীৰ দ্বাৰা আটক হয় ৰে'ল বিভাগৰ কৰ্মচাৰী সোণাৰাম গগৈ। ৰেল বিভাগৰ টিকট পৰীক্ষক বুলি নিজকে চিনাকি দিয়া সোণাৰাম গগৈয়ে আজি দুপৰীয়া শিমলুগুৰি জংচনত প্ৰৱেশ কৰি স্বাস্থ্য বিভাগৰ কৰ্মচাৰীসকলক কোনো কাৰণ নোহোৱাকৈ অশ্লীল ভাষাৰে গালি পাৰিবলৈ ধৰে। ঘটনা সন্দৰ্ভত লগে লগে শিমলুগুৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে ৰে'ল বিভাগৰ কৰ্মচাৰী জনক আটক কৰে। ব্যক্তিজনে নিজকে ডিব্ৰুগড় বাণীপুৰ ৰেল ষ্টেচনত কৰ্মৰত বুলি সদৰী কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|