• Home
  • »
  • News
  • »
  • assam
  • »
  • Eid al-Adha | Nazira : ঈদৰ দোৱা কৰিবলৈ প্ৰতিপালন কৰা পোহনীয়া গৰু গোশালাক দান কৰিলে এজন ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে

Eid al-Adha | Nazira : ঈদৰ দোৱা কৰিবলৈ প্ৰতিপালন কৰা পোহনীয়া গৰু গোশালাক দান কৰিলে এজন ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে

চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত ব্যক্তিজনৰ৷ 

চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত ব্যক্তিজনৰ৷ 

চৰকাৰৰ নিৰ্দেশনাৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত ব্যক্তিজনৰ৷ 

  • Share this:
আজি পৱিত্ৰ ঈদ। দেশজুৰি পালন কৰা হৈছে ঈদ-উল-আজহা৷ ইছলাম ধৰ্মাৱলম্বীসকলৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ ধৰ্মীয় উৎসৱ দুটাৰ ভিতৰত অন্যতম হ’ল ঈদ-উল-আজহা। ইতিমধ্যে ঈদগাহ ময়দানসমূহত দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে সম্পন্ন কৰিছে পৱিত্ৰ ঈদৰ সমূহীয়া নামাজ।

প্ৰতিবছৰৰ দৰে এইবৰো ইছলাম ধৰ্মাৱলম্বী লোকসকলে এই ঈদ পালন কৰিছে যদিও ঈদৰ প্ৰাকমুহূৰ্তত ঈদৰ কোৰবানীক লৈ ৰাজ্য চৰকাৰে জাৰি কৰিছিল কিছু নিৰ্দেশনা৷ ৰাজ্যৰ গৃহ বিভাগে জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ প্ৰেৰণ কৰিছিল বিশেষ জৰুৰী নিৰ্দেশনা।

এই নিৰ্দেশনা অনুসৰি ঈদৰ সময়ত জন্তুৰ অবৈধ হত্যা তথা কোৰবানী বন্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছিল৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু চৰকাৰৰ এই নিৰ্দেশনা মানি নাজিৰা নগৰৰ এজন ব্যক্তিয়েও এইবাৰ  কোৰবানীৰ পৰা বিৰত থাকে৷

নাজিৰা নগৰৰ ৬ নং ৱাৰ্ডৰ বাসিন্দা মইনুদ্দিন হুছেইন ওৰফে মইনুল নামৰ ব্যক্তিজনে ঈদত কোৰবানীৰ বাবে নিজ ঘৰতে প্ৰতিপালন কৰা পোহনীয়া গৰুটো প্ৰদান কৰিলে নাজিৰাৰ গোশালা কৰ্তৃপক্ষক। মইনুদ্দিন হুছেইনে কোৰবানীৰ বাবে প্ৰতিপালন কৰা পোহনীয়া গৰুটো গোশালাত দান কৰা কাৰ্যক গোশালা কৰ্তৃপক্ষই আদৰণি জনোৱাৰ লগতে গৰুটো প্ৰতিপালনৰ দায়িত্ব লয়৷
Published by:Gautam Barman
First published: