• Home
  • »
  • News
  • »
  • assam
  • »
  • NAZIRA : চৰকাৰী নিষেধাজ্ঞা নামানে নাজিৰাৰ ব্যৱসায়ীয়ে, দুখনকৈ বৃহৎ প্ৰতিষ্ঠানত ওলাইছে দমে দমে নিষিদ্ধ প্লাষ্টিক

NAZIRA : চৰকাৰী নিষেধাজ্ঞা নামানে নাজিৰাৰ ব্যৱসায়ীয়ে, দুখনকৈ বৃহৎ প্ৰতিষ্ঠানত ওলাইছে দমে দমে নিষিদ্ধ প্লাষ্টিক

জব্দ কৰা সামগ্ৰীৰ পৰিমাণ ইমানেই অধিক আছিল যে সামগ্ৰীসমূহ নিবলৈ প্ৰশাসনক  ডাম্পাৰৰ প্ৰয়োজন হৈছিল। 

জব্দ কৰা সামগ্ৰীৰ পৰিমাণ ইমানেই অধিক আছিল যে সামগ্ৰীসমূহ নিবলৈ প্ৰশাসনক  ডাম্পাৰৰ প্ৰয়োজন হৈছিল। 

জব্দ কৰা সামগ্ৰীৰ পৰিমাণ ইমানেই অধিক আছিল যে সামগ্ৰীসমূহ নিবলৈ প্ৰশাসনক  ডাম্পাৰৰ প্ৰয়োজন হৈছিল। 

  • Share this:
এবাৰ ব্যৱহাৰ্য প্লাষ্টিকৰ সামগ্ৰী আৰু পলিথিন বেগ বিক্ৰী তথা ব্যৱহাৰৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে সষ্টম হৈ পৰিছে নাজিৰা মহকুমা প্ৰশাসন ৷ চৰকাৰী নিৰ্দেশনাক আওকাণ কৰি এতিয়াও বজাৰত এবাৰ ব্যৱহাৰ হোৱা প্লাষ্টিকৰ সামগ্ৰী আৰু পলিথিন বেগ আদি বিক্ৰী কৰি থকা একাংশ ব্যৱসায় প্ৰতিষ্ঠানৰ বিৰুদ্ধে আজি নাজিৰা নগৰত নাজিৰা পৌৰসভা আৰু নাজিৰা মহকুমা প্ৰশাসনে এক অভিযান চলায়৷

অভিযান কালত নাজিৰাৰ আগশাৰীৰ ব্যৱসায় প্ৰতিষ্ঠান টাপাৰিয়া ষ্ট’ৰৰ  আৰু কেফাই শ্বপী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ গুদামৰ পৰা কেইবাশ কেজি পলিথিন বেগ উদ্ধাৰ কৰে ৷ উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানকেইখনত চৰকাৰী নিয়ম অনুসৰি জৰিমনা বিহে নাজিৰাৰ মহকুমাৰ প্ৰশাসনে৷

উক্ত অভিযান কালত নাজিৰা মহকুমা নিৰ্বাচনী বিষয়া অংশুলেখা দত্ত পাঠক আৰু পৌৰসভাৰ "নগৰ প্ৰকল্প বিষয়া" সীমাৰেখা বৰুৱা উপস্থিত আছিল। চৰকাৰী নীতি-নিৰ্দেশনা নামানি নিজ মইমতালিৰে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ গিলাচ , প্লেট আৰু পলিথিনৰ বেগ বিক্ৰী কৰা এই ব্যৱসায়ীসকলক জৰিমনা বিহাৰ লগতে আগন্তুক দিনত এনে প্লাষ্টিকৰ সামগ্ৰী বিক্ৰী আৰু ব্যৱহাৰ কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে নাজিৰা নগৰৰ ব্যৱসায়ীসকলক ৷

আজি নাজিৰা নগৰত এই অভিযানৰ সময়ত মাত্ৰ দুই তিনিখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ পৰাই প্ৰশাসনে জব্দ কৰা সামগ্ৰীৰ পৰিমাণ ইমানেই অধিক আছিল যে সামগ্ৰীসমূহ নিবলৈ প্ৰশাসনক  ডাম্পাৰৰ প্ৰয়োজন হৈছিল।
Published by:Gautam Barman
First published: