• Home
  • »
  • News
  • »
  • assam
  • »
  • Sushanta Borgohain Left Congress : কংগ্ৰেছ এৰিলে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে, ভূপেন বৰাৰ মুখলৈ নাচালে সুশান্তই, দুই-এদিনতে বিজেপিত যোগদান!

Sushanta Borgohain Left Congress : কংগ্ৰেছ এৰিলে থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে, ভূপেন বৰাৰ মুখলৈ নাচালে সুশান্তই, দুই-এদিনতে বিজেপিত যোগদান!

Sushanta Borgohain

Sushanta Borgohain

প্ৰদেশ কংগ্ৰেছ (APCC)ৰ সভাপতিলৈ মেইল যোগে পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ ত্যাগ কৰিলে বিধায়ক সুশান্ত হৰগোহাঁই (Sushanta Borgohain)য়ে। দুই-এদিনতে সুশান্তই বিজেপিত যোগদান কৰিব বুলি চৰ্চিত হৈ আছে।

  • Share this:
অৱশেষত কংগ্ৰেছ এৰিলে থাওৰা (Thowra)ৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁই (Sushanta Borgohain)য়ে। আজি প্ৰদেশ কংগ্ৰেছ (APCC)ৰ সভাপতিলৈ মেইল যোগে প্ৰেৰণ কৰা এক পত্ৰৰ দ্বাৰা কংগ্ৰেছ ত্যাগ কৰাৰ কথা ঘোষণা কৰে বিধায়কগৰাকীয়ে। দুই-এদিনতে সুশান্তই বিজেপিত যোগদান কৰিব বুলি চৰ্চিত হৈ আছে।

মৰিয়নিৰ প্ৰক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ এৰাৰ পৰাই চৰ্চাত আছিল সুশান্ত বৰগোহাঁৰ নাম। কিন্তু ইমান দিনে কথাটো অস্বীকাৰ কৰি আহিছিল বিধায়কগৰাকীয়ে। আজি মেইলযোগে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ লগতে অনুশাসন কমিটিৰ অধ্যক্ষ পদৰ পৰাও পদত্যাগ কৰে সুশান্তই।

অৱশ্যে এই পৰ্যন্ত বিধায়ক পদৰ পৰা পদত্যাগ কৰা নাই এতিয়াও সুশান্ত বৰগোহাঁইয়ে ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী (Biswajit Daimary) গুৱাহাটীৰ বাহিৰত আছে ৷ সোমবাৰে গুৱাহাটী পাবহি অধ্যক্ষ বিশ্বজিত দৈমাৰী ৷ অধ্যক্ষ আহিলেহে হাতে হাতে পদত্যাগ পত্ৰ দিব সুশান্তই।

উল্লেখ্য যে পদত্যাগৰ বাবে কংগ্ৰেছ দলৰ বৰ্তমান পৰিবেশকেই জগৰীয়া কৰিছে সুশান্তই। পদত্যাগ পত্ৰত সুশান্তই লিখিছে, "দলৰ আভ্যন্তৰীণ ৰাজনৈতিক পৰিবেশ সলনি হোৱা বাবে মই পদত্যাগ কৰিছোঁ...মই বহু চেষ্টা কৰিছিলোঁ সলনি কৰিবলৈ যাতে অসমৰ দৰে ৰাজ্যএখনত কংগ্ৰেছ দলটো প্ৰাসংগিক হৈ থাকে...কিন্তু দুৰ্ভাগ্যজনকভাৱে মোৰ সকলো চেষ্টা বৃথা প্ৰমাণ হ'ল...আৰু সেয়ে বাধ্য হৈ মই অনিশ্টা স্বত্বেও এক চুড়ান্ত ল'ব লগা হ'ল...ইতিমধ্যে এই বিষয়ে মই ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বক জনাইছোঁ।"

সুশান্ত বৰগোহাঁইৰ পদত্যাগৰ পিছত উজনি অসমত কংগ্ৰেছৰ ধ্বজা উৰুৱাবলৈ বাকী থাকিল একমাত্ৰ নাজিৰাৰ বিধায়ক দেৱব্ৰত শইকীয়া।

উল্লেখ্য যে নতুনকৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ সুশান্তই তেওঁৰ মুখলৈ চাই কংগ্ৰেছ নেৰিব বুলি আশা প্ৰকাশ কৰিছিল ভূপেন বৰাই। কিন্তু ভূপেন বৰাৰ মুখলৈও নাচালে সুশান্ত বৰগোহাঁইয়ে।
Published by:Manjumoni Borah
First published: