মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Covid-19 Warriors: দুবছৰীয়া কণমানিক এৰি মাতৃ ব্যস্ত ক'ৰোনাৰ বিৰুদ্ধে যুঁজত...চৰ্চাত এগৰাকী অসমীয়া মহিলা প্ৰশাসনিক বিষয়া

Covid-19 Warriors: দুবছৰীয়া কণমানিক এৰি মাতৃ ব্যস্ত ক'ৰোনাৰ বিৰুদ্ধে যুঁজত...চৰ্চাত এগৰাকী অসমীয়া মহিলা প্ৰশাসনিক বিষয়া

News18 Assam | News18-Assam
Updated:May 17, 2021, 8:47 PM IST
Covid-19 Warriors: দুবছৰীয়া কণমানিক এৰি মাতৃ ব্যস্ত ক'ৰোনাৰ বিৰুদ্ধে যুঁজত...চৰ্চাত এগৰাকী অসমীয়া মহিলা প্ৰশাসনিক বিষয়া
কণমানি সন্তানক এৰি দেশৰ বাবে নিজকে ক'ভিদ যুঁজত নিয়োজিত কৰিছে এগৰাকী অসমীয়া প্ৰশাসনিক বিষয়াই। নাজিৰাৰ মহকুমাধিপতি লখিমী দত্তই কণমানি সন্তানক ঘৰত এৰি দিনে-নিশাই ব্যস্ত হৈ পৰিছে ক'ভিদ পৰিস্থিতি নিয়ন্ত্ৰণত।

  • Share this:

সম্প্ৰতি সমগ্ৰ অসমৰ লগতে নাজিৰাতো ব্যাপক হাৰত বৃদ্ধি পাইছে ক'ৰোণাৰ সংক্ৰমণ। সেয়ে নাজিৰা মহকুমাৰ অন্তৰ্গত অঞ্চলসমূহতো আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়া সকলক লগত লৈ মহকুমাধিপতিগৰাকীয়ে পৰিস্থিতি নিয়ন্ত্ৰনত ব্যস্ত হৈছে। দুটি সন্তানৰ মাতৃ লখিমী দত্তই বৰ্তমান কৰ্তব্যৰ বাবে নিজৰ সন্তানক সময় দিব পৰা নাই যদিও প্ৰতি মুহূৰ্ততে বৃহত্তৰ নাজিৰা অঞ্চলৰ পৰিস্থিতি পৰ্য্যবেক্ষণত কোনোধৰণৰ হেমাহি কৰা নাই। কাৰ্ফিউ উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰভাৱে ব্যৱস্থা লোৱাৰ লগতে অঞ্চলটোত থকা কণ্টেইনমেণ্ট জ'ন, কভিদ কেয়াৰ চেণ্টাৰ সকলো নিৰীক্ষণত ব্যস্ত থকা মহকুমাধিপতি গৰাকীৰ পদক্ষেপক প্ৰশংসা কৰিছে নাজিৰাৰ ৰাইজে। লখিমী দত্তৰ দৰে মহিলা প্ৰশাসনিক বিষয়াৰ কৰ্তব্যনিষ্ঠাই গৌৰৱান্বিত কৰিছে সমগ্ৰৰ অসমৰ মহিলাক।
Published by: Kokil Sarma
First published: May 17, 2021, 8:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি