নাজিৰাৰ এখন ব্যতিক্ৰমী বিয়া। এক ব্যতিক্ৰমী চিন্তাৰে আয়োজিত বিশেষ বিয়াখনে দৃষ্টি কাঢ়িলে সকলোৰে ৷ পেট্ৰ'ল-ডিজেলৰ আকাশলংঘী মূল্যৰ বিৰূদ্ধে একপ্ৰকাৰৰ প্ৰতিবাদ সাব্যস্ত কৰিলে দৰাই।
ৰাজ্যত এতিয়া দৈনিক বাঢ়িছে পেট্ৰ'ল-ডিজেলৰ মূল্য। ৰাইজক সাময়িক সকাহ দিবলৈ শতকৰ ঘৰ অতিক্ৰম কৰা পেট্ৰ'লৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে ভেট হ্ৰাস কৰি ৰাইজক দুদিনলৈ সকাহ দিলেও পুনৰ শতকৰ দিশে ধাৱমান পেট্ৰ'লৰ মূল্য।
তাৰেই প্ৰতিবাদ স্বৰূপে নাজিৰাৰ এজন যুৱকে হাতত ল'লে এক অভিনৱ পন্থা। বিলাসী বাহনৰ সলনি দৰা আগবাঢ়িল হাতীৰ পিঠিত উঠি। পাছে পাছে কৌতুহলী জনতা।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|