জুইত জাহ গ'ল মুকছেৰউদ্দিন আহমেদ নামৰ এজন লোকৰ বাসগৃহ৷ জুইত জাহ গ'ল মুকছেৰউদ্দিন আহমেদ নামৰ এজন লোকৰ বাসগৃহ৷ নাজিৰাৰ ওপৰ নাজিৰা ৪ নং ৱাৰ্ডত দেওবাৰে সন্ধিয়া এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডত জাহ গ'ল এটি পৰিয়ালৰ বাসগৃহ৷ নাজিৰা বাপুজী পথৰ মুকছেৰউদ্দিন আহমেদ নামৰ লোকজনৰ এটা ভাড়াঘৰত সন্ধিয়া সংঘটিত হয় অগ্নিকাণ্ড৷
ইলেকট্ৰিক শ্বট চাৰ্কিটৰ ফলতে অগ্নিৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে৷ আগ্নিকাণ্ডৰ ফলত ঘৰটোৰ ভিতৰত থকা এটা এলপিজি চিলিণ্ডাৰ বিস্ফোৰিত হৈ ঘৰটোত তৎক্ষণাত জুইয়ে আৱৰি ধৰে৷
অগ্নিনিৰ্বাপক বাহিনীয়ি জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও কোনো সামগ্ৰী ঘৰটোৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিলে পৰিয়াটোৱে৷ অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও জুই জাহ যায় ঘৰটোৰ সকলো আচবাব আৰু মূল্যবান সামগ্ৰী৷ ইফালে ঈদৰ প্ৰাকমুহূৰ্তত পৰিয়ালটোৰ এনে দুৰ্ঘটনাত শোকবিহ্বল হৈ পৰিছে স্থানীয় লোকসকল ৷
Published by: Himangshu Bhuyan
First published: May 01, 2022, 20:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|