உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নাজিৰাৰ এটি কণমানিৰ চমক! গৰমৰ পৰা হাত সাৰিবলৈ নিজেই সাজি উলিয়ালে এয়াৰ কুলাৰ, বনাইছে কফি মেচিন

    নাজিৰাৰ এটি কণমানিৰ চমক! গৰমৰ পৰা হাত সাৰিবলৈ নিজেই সাজি উলিয়ালে এয়াৰ কুলাৰ, বনাইছে কফি মেচিন

    অকল এয়াৰ কুলাৰ বা কফি মেচিনেই নহয় ছাত্ৰজনে উদ্ভাৱন কৰিছে বহুকেইটা অত্যাধুনিক ইলেক্ট্ৰনিক সঁজুলি ৷

    অকল এয়াৰ কুলাৰ বা কফি মেচিনেই নহয় ছাত্ৰজনে উদ্ভাৱন কৰিছে বহুকেইটা অত্যাধুনিক ইলেক্ট্ৰনিক সঁজুলি ৷

    অকল এয়াৰ কুলাৰ বা কফি মেচিনেই নহয় ছাত্ৰজনে উদ্ভাৱন কৰিছে বহুকেইটা অত্যাধুনিক ইলেক্ট্ৰনিক সঁজুলি ৷

    • Share this:
    শিৱসাগৰ জিলাৰ নাজিৰা নগৰৰ এটি কনমাণি ছাত্ৰৰ উদ্ভাৱনী প্ৰতিভাই চমক সৃষ্টি কৰিছে। সৰুৰে পৰা ছাত্ৰজনে বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি নিজ উদ্ভাৱনী প্ৰতিভাৰ পৰিচয় দিছে৷ শেহতীয়াকৈ ছাত্ৰজনে নিজৰ সুবিধা হোৱাকৈ এটি বিদ্যুৎচালিত এয়াৰ কুলাৰ আৰু এটা কফি মিক্সাৰ মেচিন সাজি উলিয়াইছে৷ নিজ চিন্তা শক্তি আৰু ইণ্টাৰনেটৰ সহায়েৰে এই সামগ্ৰীসমূহ উদ্ভাৱন কৰি উলিয়াইছে নাজিৰা দিল্লী পাব্লিক স্কুলৰ মেধাৱী ছাত্ৰ চৈয়দ জিয়াদ য়াহম হকে।

    পঞ্চম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ চৈয়দ জিয়াদ য়াহম হকে সৰুৰে পৰাই নিজ চিন্তাৰে বিভিন্ন যন্ত্ৰপাতি সাজি উলিয়াইছিল। খুব কম বয়সৰ পৰাই ছাত্ৰজনে উদ্ভাৱন কৰিছিল বহুকেইটা ইলেক্ট্ৰনিক সামগ্ৰীৰ মডেল ৷ বিদ্যালয়ৰ পাঠ্যপুথি অধ্যয়নৰ লগতে ছাত্ৰজনে পঢ়াৰ সময়ত গৰমৰ পৰা হাত সাৰিবলৈ তৈয়াৰ কৰিলে এই বিশেষ এয়াৰ কুলাৰটো। ইয়াৰ উপৰি কফি খাই ভালপোৱা ছাত্ৰজনে ঘৰত কফি বনাই খাবলৈ উদ্ভাৱন কৰিছে কফি মেচিন৷

    অকল এয়াৰ কুলাৰ বা কফি মেচিনেই নহয় ছাত্ৰজনে উদ্ভাৱন কৰিছে বহুকেইটা অত্যাধুনিক ইলেক্ট্ৰনিক সঁজুলি ৷ যিকেইটাৰ জৰিয়তে ঘৰৰ বহু কাম সহজ কৰি তুলিছে ছাত্ৰজনে৷ বিদ্যুৎচালিত ড’ৰ এলাৰ্ম, ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, ইলেকট্ৰিক ফেন, ইলেক্ট্ৰনিক হেণ্ড ছেনিটাইজাৰ সাজি উলিয়াইছে ছাত্ৰজনে৷ এই সকলোবোৰৰ লগতে ছাত্ৰজনে বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ অব্যাহত ৰাখিছে৷ ভৱিষ্যতে এজন পৰমাণু বিজ্ঞানী হোৱাৰ মন ছাত্ৰজনৰ৷
    Published by:Sanjay Kumar Das
    First published: