শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত মেকিপুৰ চাহ বাগিচাত নৱ নিৰ্মিত অসম চৰকাৰৰ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়খনৰ আজি শুভ উদ্বোধন কৰা হয় ৷ এই উপলক্ষে বিদ্যালয়খনৰ প্ৰাঙ্গণত আয়োজিত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বিদ্যালয় খনৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে৷
নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ৯৬ খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন প্ৰক্ৰিয়াৰ আজি দ্বিতীয় দিনা শিৱসাগৰ জিলাৰ মেকিপুৰ চাহ বাগিচাত নিৰ্মাণ হোৱা বিদ্যালয়খন শুভউদ্বোধন কৰাৰ লগতে শিক্ষা মন্ত্ৰী গৰাকীয়ে নাজিৰা সমষ্টিৰ অন্তৰ্গত বামুন পুখুৰী চাহ বাগিচাতো আন এখন নৱনিৰ্মিত চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে৷ উক্ত শুভউদ্বোধনী অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷
Published by: Kokil Sarma
FIRST PUBLISHED : May 26, 2022, 19:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।