স্বাধীনতা দিৱসৰ দিনাই নাজিৰাত দেখিবলৈ পোৱা গল এক বিপৰীত ছবি
স্বাধীনতা দিৱসৰ দিনাই নাজিৰাত দেখিবলৈ পোৱা গল এক বিপৰীত ছবি
আজি দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস৷ দেশৰ সকলো প্ৰান্ততে পালন কৰা হৈছে স্বাধীনতা দিৱস৷ স্বাধীনতা দিৱসৰ দিনাই নাজিৰাত দেখিবলৈ পোৱা গল এক বিপৰীত ছবি ৷ দেশৰ ৭৪সংখ্যক স্বাধীনতা দিৱসৰ দিনাই অনশনত বহিল নাজিৰা মহকুমা ছাত্ৰ সন্থা। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আহ্বানত স্বাধীনতা দিৱসৰ দিনা পুৱা ৬ বজাৰ পৰা দহ ঘণ্টীয়া অনশনত বহিল নাজিৰা মহকুমা ছাত্ৰ সন্থা।
জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন ২০১৯ চমুকৈ কা বাতিলৰ দাবীত স্বাধীনতা দিৱসৰ দিনাই নাজিৰা নাট্যমন্দিৰৰ সন্মুখত অনশনত বহিল নাজিৰা মহকুমা আঞ্চলিক ছাত্ৰ সন্থা। আনহাতে শিৱসাগৰতো প্ৰতিবাদত বহিল আছু। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত কৰা হৈছে স্বাধীনতা দিৱসৰ। কিন্তু তাৰ সন্মুখতে আছুৰ চৰকাৰ বিৰোধী প্ৰতিবাদ। কা বাতিলৰ দাবীত শিৱসাগৰ মহকুমা ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|