আদালতত উফৰিল নৱ ঠাকুৰীয়াৰ ষড়যন্ত্ৰ, কাইলৈ হ'বই GPC ৰ নিৰ্বাচন

গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ অযুক্তিকৰ আপত্তি নৰজিল আদালতত।
গুৱাহাটী প্ৰেছ ক্লাৱৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ অযুক্তিকৰ আপত্তি নৰজিল আদালতত।
- News18 Assam
- Last Updated: March 11, 2020, 5:40 PM IST
বুধবাৰে নিম্ন আদালতত ত্ৰিদিব কুমাৰ ভট্টাচাৰ্যৰ বিচাৰপীঠে খাৰিজ কৰিলে নৱ ঠাকুৰীয়াৰ লেখ আবেদন ৷ গুৱাহাটী প্ৰেছ ক্লাৱৰ হৈ সৱল যুক্তিৰে গোচৰীয়া পক্ষৰ সকলো যুক্তিক নস্যাৎ কৰালে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ৷
কাইলৈ নিৰ্দ্ধাৰিত সময়ৰ পৰাই অনুষ্ঠিত হ’ব গুৱাহাটী প্ৰেছ ক্লাৱৰ নিৰ্বাচন। ২৭ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চৰ দুপৰীয়া ৩ বজালৈ মনোনয়ন পত্ৰ দাখিলৰ দিন ধাৰ্য কৰা হৈছিল। কাইলৈ পুৱা ৮ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ’ব ভোটদানৰ প্ৰক্ৰিয়া। কাইলৈ বিয়লি ৫ বজাৰ পৰা হ’ব ভোট গণনা। মুঠ ৮১৬ গৰাকী ভোটাৰে ভোটদান কৰিব। মুঠ ১০টা পদৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন।
তাত্পৰ্যপূৰ্ণ যে, ত্ৰিদিৱ কুমাৰ ভট্টাচাৰ্য আদালততে উন্মোচিত হ'ল নৱ ঠাকুৰীয়াৰ কুকীৰ্তি ৷ নিজৰ পৰিচয় পত্ৰত অথ’ৰিটী হৈ নিজে স্বাক্ষৰ কৰিছিল ঠাকুৰীয়াই ৷ নৱ ঠাকুৰীয়াই নিজে কৰা বিত্তীয় খেলিমেলি ঢাকিবলৈ পঞ্জীয়ন কৰা নাছিল গুৱাহাটী প্ৰেছ ক্লাৱৰ ৷ নৱ ঠাকুৰীয়াই বৃহস্পতিবাৰে হ'ব লগীয়া নিৰ্বাচনৰ স্থগিতাদেশ বিচাৰি দ্বাৰস্থ হৈছিল আদালতৰ ৷