আজি ১৬ নৱেম্বৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস৷ দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ সোণাৰিতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ ১৯৬৬ চনৰ ১৬ নৱেম্বৰত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া চমুকৈ পি চি আই স্থাপন কৰা হৈছিল। এই বিশেষ দিনটোকে সন্মান জনাই প্ৰতিবছৰে ১৬ নৱেম্বৰ তাৰিখটোত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়।
চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ এই উদ্দেশ্যে চৰাইদেউ জিলা প্ৰশাসনৰ প্ৰেক্ষাগৃহত এখন সভা আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷
জিলা উপায়ুক্ত পল বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মৰাণ মহাবিদ্যালয়ৰ অধ্যাপক অৰুণ বৰুৱা নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি দিনটোৰ তাৎপৰ্য তথা "সংবাদ মাধ্যমক ভয় নকৰে কোনে" শীৰ্ষক বিষয়ৰ ওপৰত আলোচনা কৰি উপস্থিত বিভিন্নজনে বক্তব্য আগবঢ়ায় ৷
এই অনুষ্ঠানত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী, তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, চৰাইদেউ জিলাৰ অন্তৰ্গত সকলো সংবাদ সেৱাৰ সংগঠন, প্ৰেছ ক্লাবৰ বিষয়া তথা সদস্য উপস্থিত থাকে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।