• Home
  • »
  • News
  • »
  • assam
  • »
  • কোকৰাঝাৰত ছন্দময় শব্দৰ বৰষুণ, বডোফা সাংস্কৃতিক প্ৰকল্পত ৰাষ্ট্ৰীয় কবি সন্মিলন

কোকৰাঝাৰত ছন্দময় শব্দৰ বৰষুণ, বডোফা সাংস্কৃতিক প্ৰকল্পত ৰাষ্ট্ৰীয় কবি সন্মিলন

আজিৰে পৰা বিটিআৰ প্ৰশাসনৰ উদ্যোগত আৰম্ভ হৈছে তিনি দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ সাহিত্য উৎসৱ ২০২১

আজিৰে পৰা বিটিআৰ প্ৰশাসনৰ উদ্যোগত আৰম্ভ হৈছে তিনি দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ সাহিত্য উৎসৱ ২০২১

আজিৰে পৰা বিটিআৰ প্ৰশাসনৰ উদ্যোগত আৰম্ভ হৈছে তিনি দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ সাহিত্য উৎসৱ ২০২১

  • Share this:

বিখ্যাত সমালোচক জেইমচ হেনৰী লী হান্টে কৈছিল সৌন্দৰ্যৰ প্ৰতি অনুৰাগেই কবিতা আৰু ইয়াৰ মুখ্য কাম হ'ল আনন্দ সৃষ্টি কৰি মন উন্নত আৰু পৰিশোধন কৰা। কবিতাক প্ৰকৃততে কোনো সংজ্ঞাৰে বান্ধি পেলোৱা সহজ নহয় যদিও যুগ যুগ ধৰি মানুহে ছাঁ-পোহৰৰ মায়াভৰা ৰূপ-ছবি কবিতাৰ প্ৰেমত পৰি আহিছে।


 এই কথা আগত ৰাখিয়েই বড়োভূমিত বৰষিছে শব্দৰ বৰষুণ। হেমন্তৰ নিয়ৰ সেমেকা গধূলি কোকৰাঝাৰ হৈ উঠিছে এতিয়া মানুহৰ হৃদয়ৰ পৰা  নিগৰি ওলাই অহা শব্দৰ মালিতাৰে এক মায়াময় অনিত্য ৰূপকথাৰ নগৰী। কোনোবাই যদি টট ভাষাত, কোনোবাই তামিল ভাষাত অসমীয়া, বড়ো, কোচ ৰাজবংশী, পাঞ্জাবী, ৰাজস্থানী হিন্দী ভাষাৰ কবিতাৰে ধুৱাই নিছে কোকৰাঝাৰৰ সন্ধিয়া।


আজিৰে পৰা বিটিআৰ প্ৰশাসনৰ উদ্যোগত আৰম্ভ হৈছে তিনি দিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰ সাহিত্য উৎসৱ ২০২১; যাৰ মূল বিষয় বস্তু হৈছে প্ৰেম আৰু শান্তিৰ বাবে কবিতা। এই উপলক্ষে কোকৰাঝাৰত আহি উপস্থিত হৈছেহি ভাৰতৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন ভাষিক কবি।


উল্লেখ্য যে  এই সাহিত্য উৎসৱত এশটা ভাষাৰ কবিতা পাঠ কৰিব বিভিন্ন প্ৰান্তৰ পৰা অহা কবিসকলে । প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ কৰ্তৃপক্ষই অসমৰ ৰক্ত ৰঞ্জিত আতংকময় সন্ত্ৰাসবাদৰ ঘাটি কোকৰাঝাৰক শান্তিৰ চহৰ হিচাবে গঢ়ি তোলাৰ এক মহান লক্ষ্যৰে সকলো প্ৰকাৰ জ্ঞান বা বোধৰ আত্মা বা সৰ্বোত্তম শক্তি হিচাপে পৰিগণিত কবিতাক নিৰ্বাচিত কৰি লোৱা হৈছে ।


 বিটিআৰ প্ৰশাসনৰ উদ্যোগত বিটিআৰৰ সদৰ কোকৰাঝাৰ চহৰৰ চান্দামাৰিস্থিত বডোফা সাংস্কতিক প্ৰকল্প চৌহদত আজি ১৪ নৱেম্বৰৰ পৰা অহা ১৬ নৱেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে এশটা ভাষাৰ প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় বহুভাষিক কবি সন্মিলন৷  আজি কোকৰাঝাৰ সাহিত্য উৎসৱ ২০২১ ৰ প্ৰথম দিনৰ কাৰ্যসূচী মৰ্মে ইতিমধ্যে  সুন্দৰকৈ সজাই -পৰাই তোলা চান্দামাৰিস্থিত বডোফা সাংস্কৃতিক প্ৰকল্প চৌহদত পতাকা উত্তোলনেৰে সাহিত্য উৎসৱৰ শুভাৰম্ভ কৰা হয় ।


 দুপৰীয়া ১ বজাত সাহিত্য উৎসৱৰ এশটা ভাষাৰ কবিতা সন্মিলনখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয় । সাহিত্য একাডেমী বঁটা প্ৰাপ্ত প্ৰাক্তন শিক্ষাবিদ সুৰথ নাৰ্জাৰীৰ সভাপতিত্বত এখন মুকলি সভা অনুষ্ঠিত হয় ।  বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে উন্মোচন কৰা উক্ত সভাখনত প্ৰখ্যাত সাহিত্যিক মিথেছ নিৰমোহী, অসমৰ কেবিনেট মন্ত্ৰী তথা সাহিত্য একাডেমী বটা প্ৰাপ্ত কবি উৰ্খাও গৌৰা ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োসহ এবছুৰ সভাপতি দ্বীপেন বড়ো, প্ৰফেছৰ গণেশ এন দেৱীকে ধৰি বহুতো বিধায়ক বিটিআৰৰ কাৰ্যবাহী সদস্য পাৰিষদ উপস্থিত থাকে।

Published by:Gautam Barman
First published: