ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবলাৰৰ দুৰৱস্থা, মহানগৰীৰ পদপথত পাচলি দোকান দি চলাইছে পৰিয়াল

News18 Assam | News18-Assam
Updated:July 30, 2020, 4:58 PM IST
ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবলাৰৰ দুৰৱস্থা, মহানগৰীৰ পদপথত পাচলি দোকান দি চলাইছে পৰিয়াল
প্ৰথমে ৰাষ্ট্ৰীয় এথলেটিকছত চেম্পিয়ন হোৱা আৰু পিছলৈ ফুটবল খেলি তাতো জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ দেশৰ ফুটবলত দপদপাই আছিল ৰাহাজুদ্দিন আহমেদে।

প্ৰথমে ৰাষ্ট্ৰীয় এথলেটিকছত চেম্পিয়ন হোৱা আৰু পিছলৈ ফুটবল খেলি তাতো জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ দেশৰ ফুটবলত দপদপাই আছিল ৰাহাজুদ্দিন আহমেদে।

  • Share this:
সৰুৰে পৰাই খেল বুলিলে বলিয়া আছিল সি। প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে দুটা ইভেন্টত ৰাষ্ট্ৰীয় চেম্পিয়নৰ সম্মানো পাইছিল। সম্প্ৰতি এক সকৰুণ জীৱন নিৰ্বাহ কৰিছে প্ৰাক্তন ৰাষ্ট্ৰীয় এথলেটিকছ আৰু ফুটবল খেলুৱৈ ৰাহাজুদ্দিন আহমেদে। প্ৰথমে ৰাষ্ট্ৰীয় এথলেটিকছত চেম্পিয়ন হোৱা আৰু পিছলৈ ফুটবল খেলি তাতো জুনিয়ৰৰ পৰা ছিনিয়ৰলৈ দেশৰ ফুটবলত দপদপাই আছিল ৰাহাজুদ্দিন আহমেদে।

গুৱাহাটীৰ বিখ্যাত ক্লাৱ মহাৰাণা এথলেটিকছ ক্লাৱ, বিদ্যু পৰিষদ আৰু জুৱেল ষ্টাৰৰ দলৰ হৈ সম্মানীয় বৰদলৈ ট্ৰফীকে লৈ আন বহু আগশাৰীৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মানেৰে পৰৱৰ্তী সময়ত অসম দলৰহৈ সন্তোষ ট্ৰফী ফুটবলত পৰ্যন্ত অংশ লৈছিল। অংশ লোৱাই নহয় সন্তোষ ট্ৰফীত ৯টা গ’ল দি অসমক জয়ৰ সোৱাদ দিছিল ৰাহাজুদ্দিনে।

বিনিময়ত পুৰস্কাৰ হিচাপে ফুটবলাৰ গৰাকীয়ে পালে মাথো প্ৰৱঞ্চনা। এথলেটিকছ আৰু ফুটবলত দেশৰ ছিনিয়ৰ প্ৰতিযোগিতা পৰ্যন্ত অংশলৈ খেলুৱৈ গৰাকীয়ে নাপালে এটা কৰ্মসংস্থান। অৱশেষত পৌৰ নিগমৰ জাৱৰ চাফাই কৰি পৰিয়াল পোহ পাল দিছিল ৰাহাজুদ্দিনে। শেহতীয়াকৈ ক'ৰোনা মহামাৰীৰ সময়ত ৰাহাই ক্ষুদ্ৰ সেই এনজিঅ’ৰ চাফাই চাকৰিটোও হেৰুৱালে। সেয়ে এসময়ৰ সেই দুৰ্দান্ত ফৰৱাৰ্ডজনে এতিয়া পদপথত আৰম্ভ কৰিলে এখন পাচলিৰ দোকান। এসময়ত দেশৰ সম্পদ জাতিৰ গৌৰৱ ৰাহাজুদ্দিনৰ এই অৱস্থা খেলজগতৰ বাবেই দুৰ্ভাগ্যজনক।

ৰাষ্ট্ৰীয় ফুটবলাৰ ৰাহাজুদ্দিনৰ জীৱন সংগ্ৰামৰ সংগী আছিল তেওঁৰ পত্নী। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস ছমাহ পূৰ্বে এদিন অকস্মাৎ দুটি এমা ডিমা সন্তানৰ লগতে ৰাহাজুদ্দিনক কন্দুৱাই ইহ সংসাৰ ত্যাগ কৰে পত্নীয়ে । এতিয়া দুটি অকণমানি সন্তান আৰু জীৱন যুদ্ধকলৈ দিশহাৰা ৰাহাজুদ্দিন।  পদপথত পাচলি বিক্ৰী কৰি নিতৌ ডেৰশ দুশ টকা লৈ গৈ নিশা ভাত মুঠি বনাই খুৱাই দুই সন্তানক।

দিনৰ দিনটো শিশু দুটাক বেলেগৰ ঘৰত থৈ আহে তেওঁ। সন্তোষ ট্ৰফী পৰ্যন্ত খেলা অসমৰ এই সকলোৰে পৰিচিত ফুটবলাৰ গৰাকীৰ কৰুণ কাহিনীয়ে সকলোকে কন্দুৱাইছে। প্ৰাক্তন খেলুৱৈ গৰাকীক এটা কৰ্মসংস্থান দিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছে প্ৰাক্তন খেলুৱৈ সকলে।
First published: July 30, 2020, 4:58 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading