• Home
  • »
  • News
  • »
  • assam
  • »
  • জেহাদীৰ সন্ধানত নগাঁৱত বাহৰ পাতিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই, নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ অভিযান

জেহাদীৰ সন্ধানত নগাঁৱত বাহৰ পাতিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই, নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ অভিযান

লক্ষ্ণৌত ধৰ্মীয় শিক্ষা লোৱা যুৱকক আটক নগাঁও আৰক্ষীৰ

লক্ষ্ণৌত ধৰ্মীয় শিক্ষা লোৱা যুৱকক আটক নগাঁও আৰক্ষীৰ

লক্ষ্ণৌত ধৰ্মীয় শিক্ষা লোৱা যুৱকক আটক নগাঁও আৰক্ষীৰ

  • Share this:
জেহাদীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত নগাঁৱৰ জুৰীয়াৰ পৰা আৰক্ষীয়ে এজন যুৱকক আটক কৰিছে। নগাঁও আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ৰূপজ্যোতি কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে নগাঁৱৰ জুৰীয়াত অভিযান চলাই আবুল বাচাৰ নামৰ এজন যুৱকক আটক কৰিছে।

উল্লেখযোগ্য যে পূৰ্বে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা বাচাৰৰ এজন সতীৰ্থক ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই গ্ৰেপ্তাৰ কৰিছিল। বাচাৰৰ সতীৰ্থ এগৰাকী কুখ্যাত জেহাদী আছিল। ইয়াৰ পিছতে বাচাৰকো এনআইএৰ দলে জেৰা চলাইছিল যদিও পৰৱৰ্তী সময়ত তেওঁক জামিনত মুকলি কৰি দিয়া হৈছিল।

লক্ষ্ণৌৰ পৰা জুৰীয়ালৈ ঘূৰি অহা বাচাৰৰ ওপৰত চকু ৰাখিছিল বিভিন্ন চোৰাংচোৱা সংস্থাই। বাচাৰৰ গতিবিধি গোপনে নিৰীক্ষণ কৰি আছিল চোৰাংচোৱা সংস্থাসমূহে। আজি পুনৰ নগাঁও আৰক্ষীয়ে বাচাৰক সোধা-পোছাৰ বাবে নগাঁও সদৰ থানালৈ লৈ অনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

সম্প্ৰতি বাচাৰক নগাঁও আৰক্ষীৰ লগতে অসম আৰক্ষীৰ চোৰাংচোৱা আৰু প্ৰতিৰক্ষা শাখাৰ বিষয়া, ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ বিষয়া আৰু বহিঃৰাজ্যৰ আৰক্ষীৰ দলে জেৰা চলাই আছে। অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত কোনো তথ্য প্ৰকাশ কৰা নাই।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি