ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে হোজাইৰ কোভিড কেন্দ্ৰত চিকিৎসক সেউজ সেনাপতিক প্ৰহাৰ কৰা ঘটনাক লৈ অসম চৰকাৰ পৰা বিচাৰিছে প্ৰতিবেদন। আয়োগে লগতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ক চিকিৎসকক নিৰাপত্তা প্ৰদান কৰিবলৈ আহ্বান জনাই পত্ৰ প্ৰেৰণ কৰে।
উল্লেখ্য, দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অসমৰ হোজাই জিলাৰ উদালি মডেল হাস্পতালত চিকিৎসক আক্ৰমণৰ ঘটনাক লৈ শেহতীয়াকৈ এই পদক্ষেপ লৈছে আয়োগে। আয়োগে অসমৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্ৰধানলৈও পত্ৰ প্ৰেৰণ কৰি চাৰি সপ্তাহৰ ভিতৰত ঘটনা সন্দৰ্ভত কি ব্যৱস্থা লোৱা হ’ল এই কথা অৱগত কৰি প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|