কলিয়াবৰৰ মিছাৰ পৰা আমনিলৈ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যমৰ যন্ত্ৰণা ভূগিছে জনতাই। ঘাইপথত সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। জৰাজীৰ্ণ পথৰ বাবে জীয়াতু ভুগিব লগা হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে উজনি-নামনিলৈ যাতায়ত কৰা যাত্ৰীসকলে।
যান-বাহনৰ চলাচলৰ লগতে পথচাৰীৰো ব্যাপক অসুবিধাৰ সৃষ্টি হৈছৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱাত। চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লেহেমীয়া গতিয়ে হাৰাশাস্তি কৰিছে ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়ত কৰা প্ৰতিজন যাত্ৰীক।
কলিয়াবৰৰ মিছাৰ ব্যস্তপুৰ্ণ ব্যৱসায়িক এলেকাত ৰাষ্ট্ৰীয় ঘাইপথচোৱাত মেৰামতিৰ অভাৱ আৰু চাৰিলেন ঘাইপথৰ নিৰ্মাণৰ লেহেমীয়া গতিৰ বাবে হাৰাশাস্তিৰ সন্মূখীন হৈছে সৰ্ব-সাধাৰণ ৰাইজ। নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অদূৰদৰ্শিতাৰ বাবেই এজাক বৰষুণতে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। পথ নিৰ্মাণত চুড়ান্ত হেমাহিৰ ফলতেই দিনক দিনে বৃদ্ধি হৈছে পথ দুৰ্ঘটনাৰ সংখ্যা।জৰুৰীকালীন সময়ত ঘাইপথৰ দুৰৱস্থাৰ ফলত ৰোগী অনা-নিয়াৰ সময়ত ব্যাপক অসুবিধাৰ সন্মূখীন হ'বলগীয়া হয়।de
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|