உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মৰণফান্দত ফ'ৰলেনযুক্ত  ৰাষ্ট্ৰীয় পথ, পোন্ধৰ বছৰে সম্পূৰ্ণ নহ'ল ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ–দলং

    মৰণফান্দত ফ'ৰলেনযুক্ত  ৰাষ্ট্ৰীয় পথ, পোন্ধৰ বছৰে সম্পূৰ্ণ নহ'ল ৩০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ–দলং

    ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম প্ৰথম অৱস্থাত গৌতম কনষ্ট্ৰাকচনে আৰম্ভ কৰিছিল যদিও ৰাষ্ট্ৰীয় পথছোৱাৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে।

    ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম প্ৰথম অৱস্থাত গৌতম কনষ্ট্ৰাকচনে আৰম্ভ কৰিছিল যদিও ৰাষ্ট্ৰীয় পথছোৱাৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে।

    ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম প্ৰথম অৱস্থাত গৌতম কনষ্ট্ৰাকচনে আৰম্ভ কৰিছিল যদিও ৰাষ্ট্ৰীয় পথছোৱাৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে।

    • Share this:

    উত্তৰ-পূৰ্বাঞ্চলৰ ইষ্ট ৱেষ্ট কৰিড'ৰ আঁচনিত উত্তৰ–পূৰ্বাঞ্চলৰ লগত বহিঃৰাজ্যৰ সংযোগ ৰক্ষাৰ্থে শ্ৰীৰামপুৰৰ পৰা শিলচৰলৈ ৬৭০ কিলোমিটাৰ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ চলি আছে এযুগ ধৰি। শ্ৰীৰামপুৰৰ পৰা কচুগাঁও মহামায়া মন্দিৰলৈ ৩০ কিলোমিটাৰ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ এতিয়ালৈকে অসম্পূৰ্ণ হৈ আছে। বিশেষকৈ এই ৩০ কিলোমিটাৰ পথছোৱাত এক ডজনতকৈ অধিক দলঙৰ নিৰ্মাণ অদ্যাপি আধৰুৱা হৈ আছে। ফলত ৱান ৱে' পথেৰে যান-বাহন চলাচল কৰিব লগা হৈছে।


    আনহাতে পুৰণি ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি নকৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈ একেবাৰে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে। ঘাইপথৰ মাজত থকা ডাঙৰ ডাঙৰ গাঁতৰ বাবে যান-বাহন চলাচল কৰাত অসম্ভৱ হৈ পৰিছে। ফলত যান–জঁটৰ সৃষ্টি হোৱাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ এনে পয়ালগা অৱস্থাৰ বাবে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহত আৰু নিহত হ'ব লগা হৈছে পথচাৰী-বাহনৰ যাত্ৰী। প্ৰতিদিনেই যান–জঁটৰ সৃষ্টি হোৱাৰ ফলত জৰুৰী সেৱাৰ গাড়ী ঘণ্টাৰ পিছত ঘণ্টা আৱদ্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাই পথত।


    উল্লেখ্য যে গুজৰাটৰ  পৰা শিলচৰলৈ ৰাষ্ট্ৰীয় পথ সম্প্ৰসাৰণ কৰিবলৈ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম এটা বহু বছৰ পূৰ্বে আৰম্ভ কৰে যদিও এতিয়াও অসম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম। অন্যান্য ৰাজ্যৰ তেনে ৰাষ্ট্ৰীয়  পথৰ কাম নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ হৈছে যদিও অসম–বংগ সীমান্তৰ ৩১নং(গ) ৰাষ্ট্ৰীয় পথৰ শিমুলটাপুৰ পৰা গোসাঁইগাঁৱৰ কচুগাঁৱলৈ ৩০ কিলোমিটাৰ  পথ পোন্ধৰ বছৰে সম্পূৰ্ণ হৈ নুঠিল। ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম প্ৰথম অৱস্থাত গৌতম কনষ্ট্ৰাকচনে আৰম্ভ কৰিছিল যদিও ৰাষ্ট্ৰীয় পথছোৱাৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰে। পিছত  ছিমফ্লেক্স কোম্পানীক ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ নিৰ্মাণৰ দায়িত্ব দিয়ে যদিও আজি পাঁচটা বছৰে ৰাষ্ট্ৰীয় ঘাইপথ পূৰ্বতকৈও জৰাজীৰ্ণ হৈ পৰিছে।

    Published by:Gautam Barman
    First published: