নিশা এইটো পথেৰে যাত্ৰা কৰোতে সাৱধান! অপৰাধীৰ ৰাজত্ব চলা অসমৰ এটা ৰাজপথ

ঘন জংঘলৰ সুযোগ লৈ কুখ্যাত অপৰাধীয়ে সংঘটিত কৰিছে ডকাইতি, হত্যাকাণ্ডৰ লগতে বহু অপৰাধ।

News18-Assam
Updated:September 8, 2019, 11:39 AM IST
নিশা এইটো পথেৰে যাত্ৰা কৰোতে সাৱধান! অপৰাধীৰ ৰাজত্ব চলা অসমৰ এটা ৰাজপথ
ঘন জংঘলৰ সুযোগ লৈ কুখ্যাত অপৰাধীয়ে সংঘটিত কৰিছে ডকাইতি, হত্যাকাণ্ডৰ লগতে বহু অপৰাধ।
News18-Assam
Updated: September 8, 2019, 11:39 AM IST
নীলোৎপল বৰা : ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন অটব্য অৰণ্যহে। নগাঁৱৰ বৰঘাটৰ পৰা উৰিয়াগাঁও সংযোগী চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে বৰ্তমান আৱৰি ধৰিছে ঘন জংঘলে আৰু এই ঘন জংঘলৰ সুযোগ লৈ কুখ্যাত অপৰাধীয়ে সংঘটিত কৰিছে ডকাইতি, হত্যাকাণ্ডৰ লগতে বহু অপৰাধ।

অপৰাধীৰ ভয়ত বৰ্তমান উজনি-নামনিৰ বহু যাত্ৰীয়ে নিশা এই পথৰ সলনি ব্যৱহাৰ কৰিবলৈ লৈছে নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা পথ। নিশা এই পথত নগাঁও আৰক্ষীয়ে টহলৰ ব্যৱস্থা কৰিছে যদিও ঘন জংঘলৰ বাবে অপৰাধীয়ে আৰক্ষীৰ পহৰাকো কেৰেপ নকৰে।

আনহাতে, দিনৰ ভাগতো এই পথত চলে বহু অনৈতিক কাৰ্যকলাপ। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটোৰ জংঘল চাফা কৰাৰ বাবে কোনো সদিচ্ছা নাই বিভাগীয় কৰ্তৃপক্ষৰ। সেয়েহে অনাগত সময়ত এই পথত জঘন্য অপৰাধ সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে সচেতন লোকে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি