உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আছে এটি গুৰুত্বপূৰ্ণ খবৰ! ৫ আৰু ৭ এপ্ৰিলত যোৰহাট আৰু গুৱাহাটীত বিশেষ আয়োজন

    বিশেষভাৱে সক্ষম লোকসকলৰ বাবে আছে এটি গুৰুত্বপূৰ্ণ খবৰ! ৫ আৰু ৭ এপ্ৰিলত যোৰহাট আৰু গুৱাহাটীত বিশেষ আয়োজন

    কেন্দ্ৰীয় চৰকাৰৰ স্বাৱলম্বন নামৰ পৰ্টেলটোত অসমৰ মাত্ৰ 1 লাখ 12 হাজাৰ দিব্যাঙ্গ লোকৰ নামহে পঞ্জীয়ন হৈ আছে । 23 বিধ বিভিন্ন ধৰণৰ অক্ষমতা থকা ব্যক্তিয়ে চৰকাৰৰ পৰা এই কাৰ্ড লাভ কৰে ।

    কেন্দ্ৰীয় চৰকাৰৰ স্বাৱলম্বন নামৰ পৰ্টেলটোত অসমৰ মাত্ৰ 1 লাখ 12 হাজাৰ দিব্যাঙ্গ লোকৰ নামহে পঞ্জীয়ন হৈ আছে । 23 বিধ বিভিন্ন ধৰণৰ অক্ষমতা থকা ব্যক্তিয়ে চৰকাৰৰ পৰা এই কাৰ্ড লাভ কৰে ।

    কেন্দ্ৰীয় চৰকাৰৰ স্বাৱলম্বন নামৰ পৰ্টেলটোত অসমৰ মাত্ৰ 1 লাখ 12 হাজাৰ দিব্যাঙ্গ লোকৰ নামহে পঞ্জীয়ন হৈ আছে । 23 বিধ বিভিন্ন ধৰণৰ অক্ষমতা থকা ব্যক্তিয়ে চৰকাৰৰ পৰা এই কাৰ্ড লাভ কৰে ।

    • Share this:
    ক'ভিড–১৯ পৰিস্থিতিৰ ভয়াৱহতাৰ সময়ত দিব্যাংগসকল মূলসুঁতিৰ পৰা আঁতৰি এক অকলশৰীয়া পৰিৱেশৰ মাজত সোমাই পৰিব লগা হৈছিল। ক'ভিড পৰিস্থিতি (Covid-19 situation) শাম কটাৰ পিছত দিব্যাংগসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ লগতে প্ৰতিভা বিকাশৰ বাবে স্পেচিয়েল অলিম্পিক ভাৰতে "খেললৈ প্ৰত্যাৱৰ্তন" নামেৰে এক বিশেষ অভিযান আৰম্ভ কৰিছে দেশজুৰি।

    আজাদী কা অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) সৈতে সামঞ্জস্য ৰাখি চৰকাৰৰ সমাজ কল্যাণ বিভাগ (Social Welfare Department) আৰু স্পেচিয়েল অলিম্পিক ভাৰতে অসমত ৫ এপ্ৰিল আৰু ৭ এপ্ৰিলত ক্ৰমে যোৰহাট আৰু গুৱাহাটীত (Guwahati) আয়োজন কৰিছে দিব্যাংগসকলৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মেলাৰ। এই অনুষ্ঠানত দিব্যাংগসকলক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবাঢ়ি যাবলৈ এখন প্লেটফৰ্ম দিয়াৰ প্ৰয়াস কৰা হৈছে ।

    দিব্যাংগসকলৰ এই ৰাষ্ট্ৰীয় স্বাস্থ্য মেলাত অংশগ্ৰহণ কৰা  দিব্যাংগসকলৰ স্বাস্থ্য পৰীক্ষা কৰি তেওঁলোকক ইউনিক ডিজেবিলিটি কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা হৈছে, যাৰ জৰিয়তে বিশেষভাৱে সক্ষম (specially abled) লোকসকলে বহু সা-সুবিধা লাভ কৰিব পাৰে । কেন্দ্ৰীয় চৰকাৰৰ স্বাৱলম্বন নামৰ পৰ্টেলটোত অসমৰ মাত্ৰ ১ লাখ ১২ হাজাৰ দিব্যাংগ লোকৰ নামহে পঞ্জীয়ন হৈ আছে।

    ২৩ বিধ বিভিন্ন ধৰণৰ অক্ষমতা থকা ব্যক্তিয়ে চৰকাৰৰ পৰা এই কাৰ্ড লাভ কৰে । আনহাতে এই মেলাত দিব্যাংগসকলৰ পঞ্জীয়নৰ লগতে তেওঁলোকক ক্ৰীড়াৰ ক্ষেত্ৰখনত আগবঢ়াই নিবলৈও বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ষ্টেডিয়ামসমূহত দিব্যাংগসকলৰ অনুশীলনৰ বাবেও বিশেষ ব্যৱস্থা কৰাৰ বিষয়ে চিন্তা -চৰ্চা কৰা হৈছে বুলি যোৰহাটৰ অনুষ্ঠানত উপস্থিত থকা মন্ত্ৰী অজন্তা নেওগে জানিবলৈ দিয়ে।

    "যোৰহাটৰ (Jorhat) পিছত অহা ৭ এপ্ৰিলত গুৱাহাটীৰ সৰুসজাইত ক্ৰীড়া প্ৰকল্পত এই অনুষ্ঠান অনুষ্ঠিত হ'ব । বিশেষভাৱে সক্ষম যুৱক-যুৱতীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ নাম পঞ্জীয়ন কৰি বিশেষকৈ ক্ৰীড়াৰ ক্ষেত্ৰখনত জড়িত হ'বলৈ তেওঁলোকক এখন প্লেটফৰ্ম দিয়াৰ চেষ্টা কৰা হৈছে । ইয়াৰ বাবে বিশেষভাৱে সক্ষম লোকসকলে তেওঁলোকৰ নাম পঞ্জীয়ন কৰি ইউডিআইডি কাৰ্ড সংগ্ৰহ কৰাটো অতিকৈ প্ৰয়োজনীয় । এওঁলোকৰ বাবে ষ্টেডিয়ামসমূহত বিশেষ ব্যৱস্থা ৰাখিবলৈ মই চৰকাৰক বিষয়টো অৱগত কৰিম।"– মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog) এনেদৰে কয় ।

    এই স্বাস্থ্যমেলাত দিব্যাংগসকলৰ স্বাস্থ্য আৰু দাঁতৰ পৰীক্ষা শিবিৰ , ক'ভিড ১৯ৰ ভেকচিন প্ৰদান , ইউ ডি আই ডি কাৰ্ডৰ পঞ্জীয়নৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । উল্লেখ্য অহা ৭ এপ্ৰিলত সমগ্ৰ দেশতে একেলগে দিব্যাংগসকলে অন দ্য স্পট জগিং শিতানত গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ চেষ্টা কৰিব।
    Published by:Gautam Barman
    First published: