তোলাৰাম গগৈ আৰু অভিজিত শৰ্মাৰ আৱেদন খাৰিজ কৰিলে ন্যায়াধীকৰণে।
তোলাৰাম গগৈ আৰু অভিজিত শৰ্মাৰ আৱেদন খাৰিজ কৰিলে ন্যায়াধীকৰণে।
নামনি সোৱণশিৰি জলবিদ্যুত্ প্ৰকল্পক লৈ গঠিত বিশেষজ্ঞ কমিটীক লৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ শুনানি। তোলাৰাম গগৈ আৰু অভিজিত শৰ্মাৰ আৱেদন খাৰিজ কৰিলে ন্যায়াধীকৰণে। প্ৰকল্পটোক লৈ গঠন হোৱা বিশেষজ্ঞ কমিটীৰ বিৰুদ্ধে আবেদন জনাইছিল তোলাৰাম গগৈ আৰু অভিজিত শৰ্মাই। বিশেষজ্ঞ কমিটীখন নিৰপেক্ষ নহয় বুলি অভিযোগ তুলিছিল দুয়োগৰাকীয়ে। এই অভিযোগ নস্যাত্ কৰি NGT-এ কয় – ‘গগৈ আৰু শৰ্মাই কৰা অভিযোগৰ কোনো ভিত্তি নাই। ভিত্তিহীনভাৱে দুয়োজনে NGT অভিযোগ কৰিছে। কমিটীৰ সদস্য কোনো চৰকাৰৰ সৈতে জড়িত নহয়।’ আজি ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলৰ নেতৃত্বত ৪জনীয়া বিচাৰপীঠে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ শুনানি।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|