সন্মুখত থাকি ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিছিল, অসমৰ ক্ৰীড়াৰ আন্তঃগাঁথনিৰ নিৰ্মাতা আছিল তৰুণ গগৈ

সন্মুখৰ পৰা নেতৃত্ব দি মাত্ৰ দুটা বছৰৰ ভিতৰতে শূন্যৰ পৰা এশ শতাংশলৈকে গুৱাহাটীত ক্ৰীড়াৰ অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰিছিল।
সন্মুখৰ পৰা নেতৃত্ব দি মাত্ৰ দুটা বছৰৰ ভিতৰতে শূন্যৰ পৰা এশ শতাংশলৈকে গুৱাহাটীত ক্ৰীড়াৰ অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰিছিল।
- News18 Assam
- Last Updated: November 24, 2020, 10:21 AM IST
সন্মুখৰ পৰা নেতৃত্ব দি মাত্ৰ দুটা বছৰৰ ভিতৰতে শূন্যৰ পৰা এশ শতাংশলৈকে গুৱাহাটীত ক্ৰীড়াৰ অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণ কৰিছিল। সৰুসজাইৰ বৃহৎ ক্ৰীড়াভূমি অধিগ্ৰহণ কৰি অত্যাধুনিক ষ্টেডিয়াম স্থাপন কৰা, নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়াম, টেপেছিয়া, খানাপাৰাৰ গণেশ মন্দিৰ ষ্টেডিয়াম, আমিনগাঁৱৰ ৰাজীৱ গান্ধী ষ্টেডিয়াম আৰু চচলৰ টেনিছ প্ৰকল্প নিৰ্মাণ কৰি তাত ৩৩সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিছিল।
সেয়ে নহয়, উক্ত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসম দলে প্ৰথম তিনিটা স্থানৰ ভিতৰত থাকিবলৈ সক্ষম হৈছিল। মুখ্যমন্ত্ৰী হৈ থাকোতেই নিয়মীয়াকৈ গ’ল্ফ খেলা তৰুণ গগৈয়ে তেতিয়াই অসম অলিম্পিক সন্থাৰ সভাপতিৰ দায়িত্বত আছিল। তাৰোপৰি বৰ্ষাপাৰাত স্থাপন হোৱা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামতো তৰুণ গগৈৰ যথেষ্ট অৱদান আছে।