মুখ্যপৃষ্ঠা »খবৰ »অসম »Road Accident in Goalpara : গোৱালপাৰাত পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ৰাষ্ট্ৰীয় ফুটবলাৰ মনজিত ৰাভাৰ

Road Accident in Goalpara : গোৱালপাৰাত পথ দুৰ্ঘটনাত কৰুণ মৃত্যু ৰাষ্ট্ৰীয় ফুটবলাৰ মনজিত ৰাভাৰ

বিগত বৰ্ষত ছানৰাইজ দলৰ হৈ জি এছ এ লীগত অংশ লৈছিল মনজিত্‍ ৰাভাই

বিগত বৰ্ষত ছানৰাইজ দলৰ হৈ জি এছ এ লীগত অংশ লৈছিল মনজিত্‍ ৰাভাই

  • Share this:

গোৱালপাৰাৰ গজাপাৰাত শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল দুজনৰ। দুৰ্ঘটনাত মৃত্যুমুখত পৰে ৰাষ্ট্ৰীয় ফুটবলাৰ মনজিত ৰাভা। দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়।


দুৰ্ঘটনাত থিতাতে নিহত হয় ফুটবলাৰ মনজিত ৰাভা (Footballer Manjit Rabha) আৰু কুৰবান আলী নামৰ লোকজন। ৰাভা এজন ফুটবল খেলুৱৈ হোৱাৰ লগতে কুৰবান আলী আছিল শিক্ষক। আনহাতে ঘটনাত আহত হয় সৌৰভ ৰাভা আৰু পাৰবীন চুলতানা নামৰ দুগৰাকী লোক। আহত দুয়োজনক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।


উল্লেখ্য, ৰাষ্ট্ৰীয় ফুটবলাৰ (National Footballer) আছিল মনজিৎ ৰাভা। অসম দলৰ হৈ তেওঁ ৰাষ্ট্ৰীয় ফুটবলত অংশ লৈছিল। বিগত বৰ্ষত ছানৰাইজ দলৰ হৈ জি এছ এ লীগত অংশ লৈছিল তেওঁ।

শেহতীয়া বাতৰি