உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • অসমৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় দলত স্থান পোৱাৰ সুযোগ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ফুটবলৰ ৰাষ্ট্ৰীয় দলৰ বাচনি শিৱিৰ

    অসমৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় দলত স্থান পোৱাৰ সুযোগ! ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে ফুটবলৰ ৰাষ্ট্ৰীয় দলৰ বাচনি শিৱিৰ

    "হাইলাকান্দি, কাৰ্বি আংলঙৰ পৰা উজনিৰ শদিয়ালৈকে বহুকেইখন জিলাৰ পৰা তিনি শতাধিক ১৭ বছৰ অনুৰ্ধ্ব লৰা-ছোৱালী এই বাছনি শিৱিৰলৈ আহিছে।  এই বাছনি শিৱিৰৰ পৰা নিৰ্বাচিত হোৱা খেলুৱৈসকলে পৰ্যায় ক্ৰমে ৰাষ্ট্ৰীয় দলৰ হৈ খেলিবলৈ সুযোগ পাব।"

    • Share this:
    ক্ৰীড়াৰ ক্ষেত্ৰখনত অসমে ৰাষ্ট্ৰীয় পৰ্যায়ত বিশেষ দৃষ্টি লাভ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈসকলে বিশেষ সফলতা লাভ কৰি অহাৰ পিছত খেলুৱৈ প্ৰতিভাৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত বিশেষ দৃষ্টি প্ৰদান কৰিছে কেন্দ্ৰই। শেহতীয়াকৈ অসমত দুটা ৰাষ্ট্ৰীয় ফুটবল দলৰ বাচনি শিৱিৰ অনুষ্ঠিত হৈছে। ইয়াৰে এটা শিৱিৰ ২৭ অক্টোবৰৰ পৰা যোৰহাটত অনুষ্ঠিত হৈছে য'ত কেইবা শ লৰা-ছোৱালীয়ে অংশ গ্ৰহণ কৰিছে ।

    অসমৰ খেলুৱৈসকলে ৰাষ্ট্ৰীয় - আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰি অহা ধাৰাবাহিক সফলতাৰ পিছত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ ক্ষেত্ৰখনত অসমে বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল দলৰ নিৰ্বাচনৰ বাবে শেহতীয়াকৈ অসমত দুটা বাচনি শিৱিৰ অনুষ্ঠিত কৰিছে সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনে। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত সৰ্বভাৰতীয় ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত আৰু অসম ফুটবল সন্থাৰ তত্বাৱধানত যোৱা ২৭ অক্টোবৰৰ পৰা তিনিদিনীয়াকৈ ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বাছনি শিবিৰ আয়োজন কৰা হৈছে । উল্লেখ্য, এই বাচনি শিৱিৰলৈ আহিছে বহু সংখ্যক ছোৱালী খেলুৱৈ। অসমৰ গ্ৰাম্যাঞ্চলত ফুটবল খেলৰ প্ৰতি আগ্ৰহী ল'ৰা-ছোৱালীৰ সংখ্যা দেখি আচৰিত হৈ পৰিছে উদ্যোক্তাসকল ।

    প্ৰতিভাৱান খেলুৱৈ সকলক বাছনি কৰিবৰ বাবে হিমাচল প্ৰদেশ আৰু গোৱাৰ পৰা দুজন অভিজ্ঞ প্ৰশিক্ষক ক্ৰমে মহম্মদ আলী আৰু কান্নান প্রিয়কাল যোৰহাটলৈ আহিছে। বাছনি শিৱিৰৰ পৰা বাচনি কৰা খেলুৱৈসকলে পৰ্যায় ক্ৰমে ১৫ বছৰ অনুৰ্ধ্ব , ১৬ বছৰ অনুৰ্ধ্ব , ১৭ বছৰ অনুৰ্ধ্ব ৰাষ্ট্ৰীয় ফুটবল দলসমূহত স্থান লাভ কৰিব।

    অসমত ক্ৰীড়াৰ প্ৰতি আগ্ৰহী ল'ৰা-ছোৱালী যে বহুত আছে সেয়া পুনৰ প্ৰমাণ হ'ল এই বাছনি শিৱিৰলৈ অহা খেলুৱৈসকলৰ সংখ্যাৰ পৰা। উপযুক্ত সা-সুবিধা লাভ কৰিলে অসমৰ গ্ৰাম্যাঞ্চলৰ পৰা বহু ক্ৰীড়া প্ৰতিভা ওলাই অহাৰ পূৰ্ণ সম্ভাৱনা আছে।
    Published by:Himangshu Bhuyan
    First published: