• Home
  • »
  • News
  • »
  • assam
  • »
  • NAZIRA : নাজিৰাত ১৪০ ফুট উচ্চতাত উৰিল জাতীয় পতাকা, চৰ্চাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী

NAZIRA : নাজিৰাত ১৪০ ফুট উচ্চতাত উৰিল জাতীয় পতাকা, চৰ্চাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰী

নাজিৰা মহকুমাৰ সৰ্বোচ্চ স্থানত উৰুৱালে পতাকা

নাজিৰা মহকুমাৰ সৰ্বোচ্চ স্থানত উৰুৱালে পতাকা

নাজিৰা মহকুমাৰ সৰ্বোচ্চ স্থানত উৰুৱালে পতাকা

  • Share this:
কাইলৈ সমগ্ৰ দেশে উদযাপন কৰিব দেশৰ ৭৬তম স্বাধীনতা দিৱস৷ ইতিমধ্যে স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচী৷ দেশৰ প্ৰতিজন নাগৰিকে ঘৰে ঘৰে উত্তোলন কৰিছে জাতীয় পতাকা ৷

আনহাতে চৰকাৰী–বেচৰকাৰী কাৰ্যালয়, বিদ্যালয়–মহাবিদ্যালয়তো উত্তোলন কৰা হৈছে জাতীয় পতাকা৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাতীয় পতাকাক লৈ বিভিন্ন কাৰ্যসূচীও ৰূপায়ণ কৰিছে দেশৰ জনতাই৷

দেশত হৰ ঘৰ কাৰ্যসূচী চলি থকাৰ মাজতে NEWS18 অসম নৰ্থ ইষ্টে পোহৰলৈ আনিছে এজন ব্যক্তিৰ দেশপ্ৰেমৰ নমুনা৷ নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গণেশ বৰুৱাই স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত নাজিৰা মহকুমাৰ সৰ্বোচ্চ স্থানত স্থাপন কৰিলে দেশৰ স্বাভিমান জাতীয় পতাকা।  নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ১৪০ ফুট উচ্চতাত থকা পানী টেংকিৰ ওপৰত জাতীয় পতাকা লগাই চৰ্চা লাভ কৰিছে ব্যক্তিজনে।
Published by:Gautam Barman
First published: