• Home
  • »
  • News
  • »
  • assam
  • »
  • নিষ্ঠা, সততা আৰু পৰিশ্ৰমৰ ফলঃ অসমৰ অনুপ শৰ্মালৈ সৰ্বশ্ৰেষ্ঠ মীনপালকৰ সন্মান ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ

নিষ্ঠা, সততা আৰু পৰিশ্ৰমৰ ফলঃ অসমৰ অনুপ শৰ্মালৈ সৰ্বশ্ৰেষ্ঠ মীনপালকৰ সন্মান ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ

World Fisheries Day 2021: অনুপ শৰ্মাই প্ৰায় ২২০ বিঘা মাটিত ৩২টা পুখুৰী খন্দাই ৮০ৰ পৰা ১২০ টন পৰ্যন্ত উৎপাদন কৰিছে মাছ।

World Fisheries Day 2021: অনুপ শৰ্মাই প্ৰায় ২২০ বিঘা মাটিত ৩২টা পুখুৰী খন্দাই ৮০ৰ পৰা ১২০ টন পৰ্যন্ত উৎপাদন কৰিছে মাছ।

World Fisheries Day 2021: অনুপ শৰ্মাই প্ৰায় ২২০ বিঘা মাটিত ৩২টা পুখুৰী খন্দাই ৮০ৰ পৰা ১২০ টন পৰ্যন্ত উৎপাদন কৰিছে মাছ।

  • Share this:

নিষ্ঠা, সততা আৰু কঠোৰ পৰিশ্ৰমেৰে মীন পালন কৰি এক মৎস্য বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হোৱা গহপুৰৰ উদীয়মান মীন পালক অনুপ শৰ্মাই নিজৰ পাৰদৰ্শিতাৰ বলত সৰ্বশ্ৰেষ্ঠ মীন পালকৰ সন্মান লাভ কৰি সমগ্ৰ গহপুৰ মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিছে।


দেওবাৰে বিশ্ব মীন দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় মৎস্য পালন বিভাগৰ  হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদে (National Fisheries Development Board) উত্তৰ-পূব আৰু পাহাৰীয়া ৰাজ্যৰ  ভিতৰত সৰ্বশ্ৰেষ্ঠ মীন পালক ৰূপে অনুপ শৰ্মাক কেন্দ্ৰীয় মীন মন্ত্ৰী  পুৰুষোত্তম ৰুপালাই এখন মানপত্ৰ আৰু নগদ দুই লাখ টকাৰ চেক দি পুৰস্কাৰ তথা সন্মানিত কৰে।


অনুপ শৰ্মাই প্ৰায় ২২০ বিঘা মাটিত ৩২টা পুখুৰী খন্দাই ৮০ৰ পৰা ১২০ টন পৰ্যন্ত উৎপাদন কৰিছে মাছ। শৰ্মাৰ বলিষ্ঠ নেতৃত্বত মহাবাহু ফিচাৰিজ আৰু নতুনকৈ আৰম্ভ কৰা গহপুৰ ফিছ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীৰ দ্বাৰা গহপুৰৰ জকাপৰা গাঁৱৰ বানপানীপ্ৰৱণ পতিত মাটিত উদ্ভাৱনী আৰু উন্নত প্ৰযুক্তিৰে বিগত সময়ছোৱাত মাছ উৎপাদন, মাছৰ ব্যৱসায়, পোনা তথা মাছৰ দানা উৎপাদন আৰু ইয়াৰ জৰিয়তে  কৰ্ম সংস্থাপন সৃষ্টি কৰিবলৈ সক্ষম হোৱা বাবে কেন্দ্ৰীয় চৰকাৰে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰি সন্মানিত কৰে।


তেওঁৰ এই যাত্ৰাৰ বাবে তেওঁৰ পৰিয়ালৰ আশীৰ্বাদ আৰু সহযোগিতা আটাইতকৈ বেছি বুলি উল্লেখ কৰি অনুপ শৰ্মাই কয় যে জিলা মীন বিভাগ আৰু ৰাজ্যৰ মীন বিভাগে আগবঢ়োৱা সহায়-সহযোগিতায়ো তেওঁক উৎসাহিত কৰি আহিছে। তেওঁলোকৰ দিহা–পৰামৰ্শ, উৎসাহ-উদ্দীপনাৰ বাবে  আজি তেওঁ এই পুৰস্কাৰ পাবলৈ সক্ষম হোৱা বুলি অনুপ শৰ্মাই উল্লেখ কৰে।


অনুপ শৰ্মাৰ এই যাত্ৰা পথত সংগ দিয়া  প্ৰতিজন শুভ চিন্তক, সংবাদ কৰ্মী, পুখুৰীৰ কৰ্মচাৰী, বন্ধু মহল, গহপুৰ ষ্টেট বেংক আৰু মীন ব্যৱসায়ৰ লগত জড়িত সকলোলৈকে অনুপ শৰ্মাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছ।

Published by:Gautam Barman
First published: