সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নৱগঠিত চৰাইদেউ জিলাতো "ৰাষ্ট্ৰীয় ডেংগু দিৱস" উৎযাপন কৰা হয়। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নৱগঠিত চৰাইদেউ জিলাতো "ৰাষ্ট্ৰীয় ডেংগু দিৱস" উৎযাপন কৰা হয়। আজি "ৰাষ্ট্ৰীয় ডেংগু দিৱস"। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে নৱগঠিত চৰাইদেউ জিলাতো "ৰাষ্ট্ৰীয় ডেংগু দিৱস" উৎযাপন কৰা হয়। চৰাইদেউ জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় বাহকজনিত ৰোগৰ উদ্যোগত আজি চৰাইদেউ জিলাৰ সোণাৰি ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ সোণালী চেতিয়াৰ সভাপতিত্ব চিকিৎসালয় প্ৰাংগণত এখন সজাগতা সভা অনুস্থিত কৰা হয়।
মূলত ডেংগুৰ দৰে মাৰাত্মক ৰোগ কিদৰে প্ৰতিৰোধ কৰিব পাৰি আৰু আক্ৰান্ত হ’লে কিদৰে চৰকাৰী ব্যৱস্থাৰ মাজেৰে চিকিৎসা গ্ৰহণ কৰিব পাৰি আদি দৰে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত উপস্থিত চিকিৎসক, চিকিৎসাকৰ্মী সকলে বক্তব্য আগবঢ়ায়। এই সজাগতা সভাত জ্যেষ্ঠ চিকিৎসক ডাঃ ৰেহান শ্বেখ, ডাঃ চন্দন বৰবৰা, বাহক জনিত ৰোগৰ জিলা পৰামৰ্শ বিষয়া ডেইজী কোঁৱৰ, চিকিৎসালয়খনৰ পৰিচাৰিকা, স্বাস্থ্য কৰ্মী,আশা কৰ্মী সকলৰ লগতে সৰ্বসাধাৰণ ৰাইজ উপস্থিত থাকে।
আনহাতে, চৰাইদেউ জিলাৰ স্বাস্থ্য বিভাগৰ অধীনৰ পাটসাঁকো স্বাস্থ্য খণ্ডৰ অন্তৰ্গত কাকতিবাৰী আৰু টিমন স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰতো "ৰাষ্ট্ৰীয় ডেংগু দিৱস" পালন কৰা হয়। বাগিচা আৰু গাঁৱৰ ৰাইজক একত্ৰিত কৰি দুয়োটা কেন্দ্ৰত ডেংগু সংক্ৰান্তীয় সজাগতা সভা অনুস্থিত কৰা হয়। দুয়োটা কেন্দ্ৰৰ সমূহীয়া স্বাস্থ্য বিষয়া ক্ৰমে মদন দত্ত, অৰূপ তেলীয়ে বক্তব্য আগবঢ়ায়।
উল্লেখযোগ্য যে বিগত ৫ বছৰে চৰাইদেউ জিলাত ডেংগু ৰোগীৰ সংখ্যা শূন্য যদিও স্বাস্থ্য বিভাগৰ দ্বাৰা সজাগতা সভা আদি সময়ে সময়ে অনুষ্ঠিত কৰা হৈছে আৰু বিভাগটোৱে সকলো ৰাইজক সজাগ হ'বলৈ আহ্বান জনাইছে। কোনো লোকৰ শৰীৰত জ্বৰ বা আন কোনো ডেংগু ৰোগৰ লক্ষণ দেখা দিলে অতি শীঘ্ৰে চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰত ডেংগু পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে।
Published by: Sanjay Kumar Das
First published: May 16, 2022, 18:12 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|